স্কটলেণ্ডৰ গ্লাছগ’ত অনুষ্ঠিত হোৱা ইউনাইটেড নেচনছ ক্লাইমেট চেঞ্জ কনফাৰেঞ্চ বা COP26 ত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই হিন্দী ভাষাত পৰিৱেশ ৰক্ষাত ভাৰতৰ স্থিতিৰ কথা উল্লেখ কৰে।
১২ মিনিটৰ ভাষণত তেখেতে ভাৰতৰ শক্তি খণ্ডৰ উন্নয়ন, ৰেল বিভাগক কাৰ্বনমুক্ত কৰাৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰে। ভাৰতে জীৱাশ্ম ইন্ধনৰ বিকল্পৰ ওপৰত অধিক গুৰুত্ব দিছে বুলি ভাষণত উল্লেখ কৰে।
জলবায়ু পৰিৱৰ্তনৰ ওপৰত ভাৰতে পূৰ্বৰে পৰা গুৰুত্ব আৰোপ কৰি আহিছে। যি সংখ্যক দেশে জলবায়ুৰ ওপৰত বা প্ৰদূষণৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাই, তেনে দেশৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ মোডী ডাঙৰীয়াই আহ্বান জনায়।
ভাষণৰ শেষত ভাৰতৰ জলবায়ু সুৰক্ষিত কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথাও ঘোষণা কৰে। ২০৩০ ৰ ভিতৰত ভাৰতে জীৱাশ্ম ইন্ধনৰ বিকল্পৰ লক্ষ্যত উপনীত হ’ব বুলি উল্লেখ কৰে। কাৰ্বনমুক্ত ভাৰতৰ যি লক্ষ্য সেই লক্ষ্য আগত ৰাখি ২০৩০ চনৰ ভিতৰত কাৰ্বনৰ ব্যৱহাৰ হ্ৰাস কৰিব বুলি জানিবলৈ দিয়ে।
লগতে ভাৰতৰ দৰে বৃহৎ জনসংখ্যাৰ দেশত জলবায়ু সুৰক্ষাৰ ক্ষেত্ৰত অহা প্ৰত্যাহ্বান সমূহো আলোচনা কৰে।
মোডী ডাঙৰীয়াই আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে আলোচনাত মিলিত কিছু গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰে বুলি টুইটাৰ যোগে উল্লেখ কৰিছে।