বছৰৰ প্ৰথমটো বানে প্লাবিত কৰিলে কামপুৰ-কচুৱা অঞ্চলৰ কেইবাখনো গাওঁ ৷ কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত হোৱা বানে কামপুৰ-কচুৱাৰ কেইবাখনো গাওঁ প্লাবিত কৰা লগতে ডুবাই পেলালে অঞ্চলটোৰ বিশাল কৃষি ভূমি ৷জলমগ্ন হৈছে শিঙিমাৰী,লংজাপ আৰু শিঙিমাৰীকে ধৰি কেইবাখনো গাওঁ ৷ আনহাতে শুকুৰবাৰৰ পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া বিপদসীমাৰ ওপৰৰে বৈছে কপিলী আৰু বৰপানী নদীৰ জলপৃষ্ঠ ৷
নেৰানেপেৰা বৰষুণৰ ফলতেই কপিলী জলবিদ্যুৎ প্ৰকল্পৰে পানী দ্ৰুত গতিত বৃদ্ধি পোৱাৰ লগতে বৰপানী নৈৰ কাৰ্বিলাংপি জলবিদ্যুৎ প্ৰকল্পৰ ৪খন গেট খুলি দিছে কৰ্তৃপক্ষই ৷ যাৰফলত কামপুৰ নবনিৰ্বিত দলঙলৈও আহিছে ভাবুকি ৷কৃষিভূমি বানৰ কবলত পৰাৰ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে কৃষকসকলৰ ৷আনহাতে বৰপানী নৈৰ বাঢ়নী পানীয়ে জুৰিপাৰৰ এখন বাঁহৰ দলং উটুৱাই নিয়াৰ ফলত সংযোগ বিচ্ছিন্ন হ’ল জুৰিপাৰ আৰু শিঙিমাৰী দুইখন গাঁৱৰ লোক ৷