ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধই আৰু কিছুদিন পাছতে এবছৰ অতিক্ৰম কৰিব ৷ বিশ্ববাসীৰ আহ্বানক নস্যাৎ কৰি ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত ৰাখিছে ৷ এই যুদ্ধত ৰাছিয়াই বিভিন্ন ধৰণৰ অত্যাধুনিক অস্ত্ৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰে ভিতৰত সকলোৰে দৃষ্টি আকর্ষণ কৰিছে টুপোলেভ টিইউ-১৬০ এম (Tupolev TU-160M)।এই যুদ্ধ বিমান খনেৰে ৰাছিয়াই ইউক্ৰেইনৰ বিভিন্ন স্থান ধ্বংসস্তুপত পৰিণত কৰিছে ৷ কিন্তু ইউক্ৰেইনৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত ৰাছিয়াৰ এই ছুপাৰছ’নিক বোমাৰু বিমানখন সমগ্ৰ বিশ্বতে ‘বগা হাহঁ’ নামেৰে পৰিচিত হৈ পৰিছে।
সোমবাৰে মস্কোৱে এই পাৰমাণৱিক ক্ষমতাসম্পন্ন ‘কৌশল বোমাৰু’ৰ সফল উৰণৰ কথা ঘোষণা কৰে। কোৱা হৈছে যে টিউ-১৬০এম বিমানখনে পাৰমাণৱিক অস্ত্ৰৰে সফলতাৰে উৰণ কৰিবলৈ সক্ষম হৈছে ৷ইতিমধ্যে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে নিৰ্মাণকাৰী কোম্পানী ইউনাইটেড এয়াৰক্ৰাফ্ট কৰ্পৰেশ্যনক ৫০খন বিমান গতাই দিছে। ইউক্ৰেইনৰ যুদ্ধক লৈ ইয়াক প্ৰস্তুত কৰা হৈছে বুলি আশংকা কৰা হৈছে ৷
টু-১৬০এমৰ পূৰ্বৰ সংস্কৰণ টু-১৬০ ছোভিয়েট ইউনিয়নত সেৱা আৰম্ভ কৰে। এই ছিৰিজৰ মুঠ ৩৯খন বোমাৰু বিমান ‘কাজান বিমান উৎপাদন সংস্থা’ই নিৰ্মাণ কৰিছিল। ১৯৭০ চনত আমেৰিকাত নিৰ্মিত ‘ৰকৱেল বি-১ লেন্সাৰ’ বোমাৰু বিমানখনৰ ডিজাইনৰ ভিত্তিত মস্কোৱে টি ইউ-১৬০ নিৰ্মাণ কৰিছিল।
আশীৰ দশকৰ শেষৰ ফালে ছোভিয়েট বায়ুসেনাত যোগদান কৰা টু-১৬০ বিমানখন পশ্চিমীয়া বিশ্বত ‘ব্লেকজেক’ নামেৰে পৰিচিত হৈছিল। ইয়াক বিশ্বৰ সৰ্ববৃহৎ আৰু দ্ৰুততম ছুপাৰছনিক বোমাৰু হিচাপে জনা যায়। ১৯৮১ চনত টি ইউ-১৬০ৰ প্ৰথম পৰীক্ষামূলক উৰণ হৈছিল। ১৯৮৭ চনত ছোভিয়েট বায়ুসেনাত অন্তভুর্ক্ত কৰা হয় ৷ প্ৰতিকূল বতৰতো এই বিমানে যিকোনো ভৌগোলিক স্থানত নিৰ্দিষ্ট লক্ষ্যত আক্ৰমণ কৰিব পাৰে।
ঘণ্টাত সৰ্বোচ্চ ২২০০ কিলোমিটাৰ বেগেৰে উৰণ কৰা টি ইউ-১৬০ বিমানখনে ৭৫০০ কিলোমিটাৰ এলেকাত ‘কাৰ্পেট বোমা বিস্ফোৰণ’ কৰিব পাৰে। এখন সম্পূৰ্ণ চহৰ ধ্বংস কৰিব পৰা ইয়াৰ ক্ষমতা আছে ৷ টিউ-১৬০ বিমানত ২৭৫ টন অপাৰমাণৱিক বোমা আৰু মিছাইল কঢ়িয়াব পৰা যায় ৷এটা ষ্ট্ৰেচত ১২,৩০০ কিলোমিটাৰ উৰিব পাৰে। কিন্তু ইয়াৰ পিছতো এনে গধুৰ বোমাৰু বিমান ব্যৱহাৰ কৰাৰ কিছু অসুবিধা আছে।
গধুৰ ওজন আৰু তুলনামূলকভাৱে কম গতিৰ বাবে টু-১৬০ আকাশত আধুনিক শত্ৰুৰ যুদ্ধ বিমানৰ বাবে ‘সহজ চিকাৰ’ হ’ব পাৰে। ফলত বোমা বিস্ফোৰণৰ সময়ত শত্ৰুৰ পৰা ‘সুৰক্ষা’ দিবলৈ লৈ যুদ্ধবিমান প্ৰেৰণ কৰিবলগীয়া হয়। বৰ্তমান ভাৰতকে ধৰি বহু দেশৰ বায়ুসেনাই যুঁজাৰু বিমান বা বোমাৰু বিমানৰ পৰিবৰ্তে বহুমুখী যুদ্ধ বিমান ব্যৱহাৰ কৰে। ৰাফেল এনে এখন বিমান।
অৱশ্যে শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক সূত্ৰই জনাইছে যে ভাৰতীয় বায়ুসেনাৰ বাবে বোমাৰু বিমান ক্ৰয়ৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ হৈছে। আৰু এই টি ইউ-১৬০খন পছন্দৰ শীৰ্ষত আছে। কিন্তু মস্কোৱে এতিয়াও কোনো দেশক পাৰমাণৱিক ক্ষমতাসম্পন্ন টিউ-১৬০এম বিক্ৰী কৰাৰ প্ৰস্তাৱ দিয়া নাই। এই বিমানখনৰ মূল অস্ত্ৰ হৈছে ২০০০ কিলোমিটাৰ দূৰত্বৰ কেএইছএম২ ( KH-47M2) পাৰমাণৱিক ক্ষেপণাস্ত্ৰ। ইউক্ৰেইনৰ ৰাজধানী কিয়েভত বিদ্যুৎ আৰু পানী যোগানৰ সুবিধা ধ্বংস কৰাৰ বাবে এই মাহত টু-১৬০এম বিমানে আক্ৰমণ চলাইছিল। কিন্তু পাৰমাণৱিক বোমাৰ সলনি ৰাছিয়াৰ সেনাই ব্যৱহাৰ কৰিছে উচ্চ শক্তিৰ অপাৰমাণৱিক বিস্ফোৰক।