দুচকীয়া বাহন ক্ৰয় কৰিবলৈ গ্ৰাহকক ঋণ প্ৰদানৰ ক্ষেত্ৰত ভাৰতীয় ষ্টেট বেংকে নতুন নিৰ্দেশনা জাৰি কৰিছে। এতিয়াৰে পৰা গ্ৰাহক সকলে দুচকীয়া বাহন ক্ৰয়ৰ বাবে বেংকলৈ যোৱাৰ কোনো প্ৰয়োজন নাই বুলি বেংক কৰ্তৃপক্ষই জনাইছে।
গ্ৰাহকসকলে এতিয়াৰে পৰা ঘৰতে বহি ঋণৰ প পত্ৰ পূৰণ কৰি আবেদন জনাব পাৰিব। SBI ৰ yono এপৰ যোগেদি এই সুবিধা অতি শীঘ্ৰেই বলবৎ হ’ব।
গ্ৰাহকে yono এপৰ যোগেদি নুন্যতম ২০ হাজাৰ টকাৰ পৰা সৰ্বাধিক ৩ লাখ টকালৈকে ঋণ লাভ কৰিব পাৰিব। বেংক কৰ্তৃপক্ষই এই ধনৰাশি দুচকীয়া বাহনৰ ডিলাৰৰ একাউণ্টত জমা দিব।
গ্ৰাহকক কিছু সকাহ প্ৰদান কৰিবলৈ ভাৰতীয় ষ্টেট বেংকৰ নতুন নিয়ম দুচকীয়া বাহন ক্ৰয়ৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ’ব।