পুনৰ তিনিবছৰৰ বাবে ৰিজাৰ্ভ বেংকৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে শক্তিকান্ত দাসক। কেবিনেটৰ অনুমোদনৰ পাছত এক বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰা হৈছে। অহা 10 ডিচেম্বৰত দাসৰ বৰ্তমানৰ কাৰ্যকাল অন্ত পৰিব। 2018 চনত উৰ্জিত পেটেলে ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰৰ পদ ত্যাগ কৰাৰ পাছত দাসক বেংকটোৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছিল।
দেশৰ কেন্দ্ৰীয় বেংকটোৰ দায়িত্ব গ্ৰহণৰ পাছতে ব্যাপক প্ৰত্যহ্বানৰ সন্মুখীন হৈ আহিছে দাস। কিয়নো কভিডৰ সংক্ৰমণৰ বাবে ঘোষণা কৰা লকদাউন আৰু কঠোৰ নীতি নিয়মে দেশৰ অৰ্থনীতি তচনচ কৰি পেলাইছিল। বৰ্তমান কভিডৰ সংক্ৰমণ কিছু পৰিমানে হ্ৰাস পোৱাৰ লগতে ভেকচিন প্ৰদান প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰা হৈছে। সেয়েহে দেশৰ অৰ্থনীতি পুনৰ উদ্ধাৰৰ বাবে দাসে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হব।