২৯ অক্টোবৰ দিনটো বিশ্ব ইণ্টাৰনেট দিৱস হিচাপে পালন কৰা হয়।২০০৫চনত প্ৰথম বাৰৰ বাবে এই দিৱস উদযাপন কৰা হৈছিল। ১৯৬৯চনত ARPNET ৰ যোগে এটা কম্পিউটাৰ ৰ পৰা আন এটালৈ পঠিওৱা প্ৰথম বাৰ্তা টোৰ ভিত্তিত সেই সময়ক স্মৰণ কৰি আজিৰ এই দিৱস উদযাপন কৰা হয় সমগ্ৰ বিশ্বতে।
ষ্টেনফʼৰ্ড গৱেষণা কেন্দ্ৰৰ কম্পিউটাৰ প্ৰগ্ৰেমাৰ বিল দুৱেভালৈ ইউ চি এল এৰ অধ্যাপক লিঅ’নাৰ্ড ক্লিনৰক , তেওঁৰ ছাত্ৰ ছাত্ৰী আৰু প্ৰগ্ৰেমাৰ চাৰ্লি ক্লিনে প্ৰেৰণ কৰা এটা শব্দই আছিল পৃথিৱীৰ প্ৰথমটো ইণ্টাৰনেট বাৰ্তা। প্ৰথম প্ৰচেষ্টাত বিফল হৈ ‘LOGIN’ শব্দটো দুবাৰকৈ প্ৰেৰণ কৰিবলগীয়া হৈছিল তেওঁলোকে।
সেয়েহে ইণ্টাৰনেট বাৰ্তা যোগে সৰ্ব প্ৰথমে প্ৰেৰিত হোৱা শব্দটো আছিল ‘LO’ যি ইণ্টাৰনেট বাৰ্তাৰ এই সুদীৰ্ঘ যাত্ৰাৰ আদিতম বাহক আছিল। প্ৰায় এক ঘণ্টাৰ পিছত হে সম্পূৰ্ণ ‘LOGIN’ শব্দটো প্ৰেৰণ কৰাত সফল হৈছিল ইউ চি এলৰ অধ্যাপকজনৰ দলটোৰ স’তে প্ৰগ্ৰেমাৰ চাৰ্লি ক্লিন। আৰু সেই দিনটোৰ পৰাই ইণ্টাৰনেটে মানৱ জীৱনত প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰি আজিৰ সময়ত মানুহৰ অভিন্ন অংগ হৈ পৰিল।