গুৱাহাটীত কৰ্তব্যৰত দুজন ট্ৰেফিক আৰক্ষীক প্ৰহাৰ কৰি জেললৈ যাবলগীয়া হল ছয়জন উদণ্ড যুৱক। কালি নিশা এই ঘটনা সংঘটিত হৈছে। উদণ্ড যুৱকৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হোৱা কনিষ্টবল উৎপল গোহাইয়ে
পানবজাৰ থানাত দিয়া এজাহাৰ মতে নিশা ১.৩০ মানত তেওঁৰ লগতে আন দুজন কনিষ্টবল ৰিতুপন শইকীয়া আৰু অমিত দাসে যশবন্ত পথৰ ভাড়া ঘৰৰ পৰা নিশা জাবৰ পেলাবলৈ ওলাই আহোতে এ এছ ০১ বি ওৱাই০০১০ নম্বৰৰ গাড়ীখনে তেওঁলোকক খুন্দিয়াই যাবৰ উপক্ৰম হয় ৷
গাড়ী ভালকৈ চলাবলৈ কোৱাত ড্ৰাইভাৰে কনিষ্টবল কেইজনক উভতি ধৰাৰ লগতে গেং লৈ আহি পিটিম বুলি ধমকি দি যায় ৷ কিছুসময় পিছত ১০-১২ জন যুবকে দুখন চাৰিচকীয়া বাহনত আহি কনিষ্টবল কেইজনক লাঠি, শিল আদিৰে প্ৰহাৰ কৰি আঘাতপ্ৰাপ্ত কৰে আৰু গাড়ীৰে চেপি হত্যাৰ চেষ্টা চলায়৷ ভাৰতীয় দণ্ডবিধি আইনৰ২৭৯/১৪৩/৩২৫/৩০৭/৫০৬ ধাৰাৰ অধীনত পানবজাৰ থানাত এই সংক্ৰান্তত ৫৯৯/
২০২১ নম্বৰৰ গোচৰ ৰুজু কৰা হৈছে |
উক্ত গোচৰত গ্ৰেপ্তাৰ কৰা লোককেইজন খাৰঘুলিৰ অনুভৱ পাণ্ডে (২৩ বছৰ), জ্যোতিনগৰৰ
প্ৰমোদ দাস(২৩),চান্দমাৰীৰ নীৰজ দত্ত(২২),
নৱগিৰী পথ,ৰিহাবাৰীৰ হিমাংশু চৌধুৰী(23),পানবজাৰৰ অংকুৰ জ্যোতি ৰয়(২২)
আৰু ৰাণীবাৰীৰ গীত শংকৰ মজুমদাৰ(২৩)
৷ পানবজাৰ থানাই
তেওঁলোকক আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে । আদালতে তেওঁলোকক জেললৈ প্ৰেৰণ কৰে।