মাতৃৰ পদাংক অনুসৰণ কৰি নিজকে এজন সেনা বিষয়া হিচাপে প্ৰতিষ্ঠা কৰিবলৈ এজন যুৱকে কৰা প্ৰচেষ্টাৰ হৃদয়স্পর্শী কাহিনীয়ে সকলোৰে পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷ লক্ষণীয়ভাৱে যুৱকজনে একেখন একাডেমীৰ পৰা প্ৰশিক্ষণ লাভ কৰি সেনা বাহিনীত ভর্ত্তি হ’বলৈ সুযোগ লাভ কৰিছে ৷ এই কাহিনী হৈছে মেজৰ স্মিতা চতুৰ্বেদী (অৱসৰপ্ৰাপ্ত)ৰ ৷ ২৭ বছৰ পূৰ্বে চেন্নাইত যিখন একাডেমীৰ পৰা চর্তুবেদীয়ে প্ৰশিক্ষণ লাভ কৰিছিল সেই একেখন একাডেমীৰ পৰা শনিবাৰে ভাৰতীয় সেনাবাহিনীত নিযুক্তি লাভ কৰে তেওঁৰ পুত্ৰই।চেন্নাইৰ অফিচাৰ্ছ ট্ৰেইনিং একাডেমীত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত উপস্থিত আছিল মালদ্বীপৰ প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী মেজৰ জেনেৰেল আব্দুল্লা চামালে।
Maj Smita Chaturvedi(Retd) reminisces her old days of being a Cadet in the illustrious Academy and ecstatic about her son re-enacting the glorious script of joining Army like herself. @adgpi @artrac_ia @smritiirani @MinistryWCD @DefenceMinIndia @IaSouthern @PIB_India @DDNewslive pic.twitter.com/yoi7AoyVMq
— Defence PRO Chennai (@Def_PRO_Chennai) July 30, 2022
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ চেন্নাইৰ জনসংযোগ বিষয়াই টুইটাৰত মেজৰ (অৱসৰপ্ৰাপ্ত) স্মিতা আৰু তেওঁৰ পুত্ৰৰ এখন ছবি শ্বেয়াৰ কৰি লিখিছে -, “১৯৯৫ চনত ২৭ বছৰৰ পূৰ্বে চেন্নাইৰ অফিচাৰ্ছ ট্ৰেইনিং একাডেমীৰ পৰা প্ৰশিক্ষণ লাভ কৰা মেজৰ স্মিতা চতুৰ্বেদী (অৱসৰপ্ৰাপ্ত)য়ে আজি একেখন একাডেমীতে তেওঁৰ পুত্ৰক একে ধৰণে প্ৰশিক্ষণ লাভ কৰাৰ সৌভাগ্য হ’ল ৷ “ আন এটা টুইটত মেজৰ স্মিতাৰ প্ৰশিক্ষণৰ দিনৰ এখন ছবি প্ৰকাশ কৰা হৈছে । মেজৰ স্মিতা চতুৰ্বেদীয়েও একাডেমীত থকা পুৰণি দিনবোৰ স্মৰণ কৰে। এটা ভিডিঅ’ বাৰ্তাত তেওঁ কয় যে নতুন প্ৰজন্ম তেওঁলোকতকৈ আগবাঢ়ি গৈছে আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাজু ৷ ইণ্টাৰনেটত এইগৰাকী মহিলা বিষয়াৰ বিৰল কাহিনীক ইণ্টাৰনেটৰ মাধ্যমেৰে সকলোৱে প্ৰশংসা কৰিছে