দক্ষিণৰ চলচ্চিত্ৰ প্ৰযোজক কে. মুৰলীধৰণৰ দেহাৱসান । জানিব পৰা মতে গৃহ চহৰ তামিলনাডুৰ কুম্বাকোনামৰত হৃদৰোগত আক্ৰান্ত হৈ বৃহস্পতিবাৰে প্ৰযোজক গৰাকীৰ দেহাৱসান ঘটে ।
উল্লেখযোগ্য যে তামিল প্ৰযোজক পৰিষদৰ প্ৰাক্তন সভাপতি আছিল মুৰলীধৰণ। প্ৰয়াত ভি স্বামীনাথন আৰু জি ভেনুগোপালৰ সৈতে মিলি তেওঁ প্ৰডাকচন হাউচ ‘লক্ষ্মী মুভি মেকাৰছ’ আৰম্ভ কৰিছিল যাৰ জৰিয়তে তেওঁলোকে আনবে শিৱম, পুধুপেত্তাই আৰু বাগাৱতীৰ দৰে কেইবাখনো জনপ্ৰিয় ছবি দৰ্শকক উপহাৰ দিছিল ৷আনহাতে ‘লক্ষ্মী মুভি মেকাৰছে’ তামিল চিনেমাৰ বহুকেইজন জনপ্ৰিয় তাৰকাৰ সৈতে ব্যৱসায়িকভাৱে বহুকেইখন সফল ছবি চলচ্চিত্ৰ প্ৰেমীসকলক উপহাৰ দিছে ৷ কে মুৰালীধৰণে কমল হাছান (অনবে শিৱম), বিজয়কান্ত (উলাৱথুৰাই), কাৰ্তিক (গোকুলাথিল সীথাই), অজিত (উন্নাই থেদি), বিজয় (প্ৰিয়মুদন), ধনুশ (পুধুপেত্তাই) আৰু চিম্বু (চিলম্বটম) আদি দক্ষিণৰ শক্তিশালী তথা জনপ্ৰিয় অভিনেতা সকলৰ সৈতে কাম কৰি আহিছে।
লক্ষ্মী মুভি মেকাৰছে প্ৰযোজনা কৰা শেষ ছবিখন আছিল ২০১৫ চনত মুক্তি লাভ কৰা জয়ম ৰবি, তৃষা আৰু অঞ্জলি অভিনীত ‘শকলাকলা বল্লৱন’।
সামাজিক মাধ্যম যোগে বহু জনে ইতিমধ্যে দক্ষিণৰ স্বনামধন্য প্ৰযোজক কে মুৰলীধৰণৰ মৃত্যুত তেওঁক আন্তৰিক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে জনপ্ৰিয় অভিনেতা কমল হাছানে তেওঁক শ্ৰদ্ধা জ্ঞাপন কৰি টুইট কৰিছে। তামিল ভাষাত লিখা টুইটটোৰ যোগেদি প্ৰযোজক গৰাকীক শ্ৰদ্ধা জনাই অভিনেতা গৰাকীয়ে কৈছে যে বহু হিট ছবি নিৰ্মাণ কৰা লক্ষ্মী মুভি মেকাৰছৰ প্ৰযোজক কে আৰু নাই। প্ৰিয় শিৱ, সেই দিনবোৰ মনত আছে। তেওঁক শ্ৰদ্ধাঞ্জলি ৷
பல வெற்றிப்படங்களைத் தயாரித்த லட்சுமி மூவி மேக்கர்ஸ் நிறுவனத்தைச் சேர்ந்த தயாரிப்பாளர் கே. முரளிதரன் மறைந்துவிட்டார். அன்பே சிவம் நாட்களை நினைத்துக்கொள்கிறேன். அஞ்சலி.
— Kamal Haasan (@ikamalhaasan) December 1, 2022
১৯৯৪ চনত সাৰথকুমাৰ অভিনীত ‘অৰণমনাই কাভালান’ ছবিখনৰ জৰিয়তে কে মুৰলীধৰণে এগৰাকী প্ৰযোজক ইচাপে পৰিচিতি লাভ কৰিছিল ৷ ।