গোলকীয় উষ্ণতা বৃদ্ধিৰ ভয়াৱহ পৰিণতি এইবাৰ পৰিলক্ষিত হৈছে ইউৰোপীয় দেশসমূহত ৷ হঠাৎ অভাৱনীয় উষ্ণতা বৃদ্ধিয়ে এই দেশসমূহত অসহনীয় কৰি তুলিছে পৰিস্থিতি ৷ সমান্তৰালভাৱে প্ৰচণ্ড গৰমে দহিছে স্পেইন ৷ বিগত সময়ত প্ৰচণ্ড গৰমৰ বাবে দেশখনৰ জনজীৱন ব্যাহত হৈ পৰিছে ৷ প্ৰচণ্ড গৰমৰ প্ৰতি লক্ষ্য ৰাখিয়ে দেশখনৰ কর্মচাৰীসকলৰ সাজ-পোছাকৰ ক্ষেত্ৰত থকা কিছু নীতি শিথিল কৰা হৈছে ৷ প্ৰচণ্ড গৰমৰ প্ৰতি লক্ষ্য ৰাখি দেশখনৰ মন্ত্ৰী-বিষয়াৰ লগতে কর্মচাৰীসকলক কার্যালয়লৈ ‘টাই ‘নমৰাকৈ অহাৰ অনুমতি প্ৰদান কৰা হৈছে ৷
শুকুৰবাৰে স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে কাৰ্যালয়ৰ কৰ্মীসকলক গ্ৰীষ্মকালৰ প্ৰচণ্ড উষ্ণতাৰ বাবে ‘টাই” পৰিধান নকৰিবলৈ আহ্বান জনায়।মাদ্ৰিদত এখন সংবাদমেলৰ সময়ত নিজৰ খোলা ডিঙিৰ চাৰ্টটোলৈ আঙুলিয়াই হাস্যবদনে ছানচেজে কয় –‘ মই আপোনালোকে দেখুৱাব বিচাৰো যে ময়ো টাই পিন্ধা নাই।তেওঁ সকলো মন্ত্ৰী আৰু চৰকাৰী বিষয়াক টাই পিন্ধা বন্ধ কৰিবলৈ কোৱাৰ লগতে ব্যক্তিগত খণ্ডও এই নিয়ম অনুসৰণ কৰিব বুলি আশা প্ৰকাশ কৰে।
স্পেইন চৰকাৰে সোমবাৰৰ পৰা শক্তি সঞ্চয়ৰ “জৰুৰী” ব্যৱস্থা গ্ৰহণ কৰিছে ৷ মস্কোৱে ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত মে’ মাহৰ মাজভাগত ইউৰোপীয় আয়োগে ৰাছিয়াৰ গেছৰ ওপৰত নিৰ্ভৰশীলতাৰ অন্ত পেলাবলৈ নবীকৰণযোগ্য শক্তি বৃদ্ধি কৰা আৰু শক্তিৰ ব্যৱহাৰ হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছিল ৷
ইয়াৰ অংশ হিচাপে স্পেইনে গ্ৰীষ্মকালত কাৰ্যালয়ত এয়াৰ কণ্ডিচনাৰ আৰু শীতকালত ৰেডিয়েটৰৰ ব্যৱহাৰ সীমিত কৰাকে ধৰি কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে। ইউৰোপীয় ইউনিয়নৰ ২৭খন ৰাষ্ট্ৰইও ২০২২ চনৰ ১ আগষ্টৰ পৰা ২০২৩ চনৰ ৩১ মাৰ্চৰ ভিতৰত গেছৰ চাহিদা ১৫ শতাংশ হ্ৰাস কৰিবলৈ” সন্মতি প্ৰকাশ কৰিছে ৷