চেষ্টাৰ অসাধ্য যে একো হ’ব নোৱাৰে সেয়া পুনৰ এবাৰ প্ৰমাণ কৰিলে ছান ফ্ৰান্সিছকোৰ এজন ব্যক্তিয়ে ৷ তেওঁৰ নাম হৈছে টাইলাৰ কোহেন ৷ বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান গুগলত চাকৰি লাভ কৰাৰ বাবে ৩৯ বাৰ আৱেদন কৰিও বিফল হোৱা নাছিল কোহেন ৷ যাৰ বাবে ৩৯ বাৰ প্ৰচেষ্টাৰ অন্তত অৱশেষত তেওঁ গুগলত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে ৷
সামাজিক মাধ্যমত নিজৰ কাহিনী প্ৰকাশ কৰা টাইলাৰ কোহেনে গুগলত চাকৰিৰ বাবে সর্বমুঠ ৩৯ বাৰ আবেদন কৰিছিল। ২০১৯ চনৰ পৰা কৰা প্ৰচেষ্টাৰ পাছত যোৱা ১৯ জুলাইত তেওঁ চাকৰি লাভ কৰে ৷ । গুগলৰ পূর্বে তেওঁ ড’ৰডেছৰ এছ’চিয়েট মেনেজাৰ হিচাপে কাম কৰিছিল।
নিজৰ কাহিনী শ্বেয়াৰ কৰি তেওঁ প্ৰকাশ কৰা এই পোষ্টটো প্ৰায় ৩৫ হাজাৰ লোকে লাইক কৰিছে আৰু প্ৰায় ৮০০ ব্যৱহাৰকাৰীয়ে মন্তব্যৰে শলাগ লৈছে ৷ কোহিনে ২০১৯ চনৰ ২৫ আগষ্টত প্ৰথমবাৰৰ বাবে আবেদন কৰিছিল যদিও নাকচ কৰা হৈছিল। তেওঁ হাৰ নামানি পুনৰ দুবাৰকৈ আবেদন কৰে ৷ এই দুই বাৰতে কোহেনক নাকচ কৰা হৈছিল। কোহেনে ২০২০ চনৰ জুন মাহত ক’ভিড মহামাৰীৰ সময়ত পুনৰ আবেদন কৰিবলৈ আৰম্ভ কৰিছিল যদিও প্ৰতিবাৰে নাকচ কৰা হৈছিল ৷ কিন্তু শেহতীয়াকৈ ১৯ জুলাইত তেওঁক গুগলে পদটোত নিযুক্তিৰ বাবে নিৰ্বাচন কৰে ৷ কোহেনৰ এই কৃতিত্বত আপ্লুত হৈ বহুলোকে সামাজিক মাধ্যমৰ জৰিয়তে অভিনন্দন জ্ঞাপন কৰিছে ৷