আত্মঘাতী বিস্ফোৰণে কঁপাই আজি কপাঁই তোলে পাকিস্তানৰ ইছলামাবাদ। শুকুৰবাৰে এখন বজাৰৰ সমীপত সংঘটিত হয় এই বিস্ফোৰণ। এই আক্ৰমণত এজন আৰক্ষী জোৱান নিহত হয়। লগতে আহত হৈছে কমেও ৬ জন লোক।
উপ-মহাপৰিদৰ্শক ছোহেইল জাফৰ চত্তাই জনোৱা মতে, শুকুৰবাৰে পুৱা ১০:১৫ বজাত ইছলামাবাদৰ আই-১০/৪ অঞ্চলত গাড়ীৰে এজন পুৰুষ আৰু এগৰাকী মহিলা আহিছিল। সন্দেহজনক হোৱাৰ বাবে আৰক্ষীয়ে গাড়ীখন ৰখাই তালাচী চলায়। তালাচীৰ সময়তে লোকজনে গাড়ীখনত প্ৰৱেশ কৰে। ইয়াৰ পিছত আত্মঘাতী বোমাৰুজনে নিজকে বোমাৰে উৰুৱাই দিয়ে ৷
সমগ্ৰ অঞ্চলটো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে ৷ আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মৃত আৰক্ষী জোৱানজনৰ নাম আদিল হুছেইন। তেওঁ হেড কনিষ্টবল হিচাপে কাম কৰি আছিল। আইন-শৃংখলাৰ পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিবলৈ দেশখনত উগ্ৰপন্থীয়ে আৰক্ষীক লক্ষ্য কৰি লৈছে। ইছলামাবাদ আৰক্ষীয়ে টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে।
বিস্ফোৰণৰ বাবে অঞ্চলটোত যাতায়ত ব্যৱস্থা ব্যাহত হৈছে। বাসিন্দাসকলক বিস্ফোৰণস্থলীৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। বৈদেশিক মন্ত্ৰী বিলাল ভুট্টো জৰ্দাৰীয়ে এই আক্ৰমণক গৰিহণা দিয়ে।