কাৰোবাৰ বিপদ বুলি ক’লে আগতীয়াকৈ দৌৰ মৰা,কোনোবাই বেদনাত উচুপিলে তেওঁৰ চকুলো মচিবলৈ দিবাৰাত্ৰ ধৰফৰণি তোলা, আৰ্তজনৰ বাবে জীৱনৰ প্ৰতি পল দান দিয়া গহপুৰৰ ৱাৰিয়ৰচৰ (wariors) ৰ বিশ্বনাথ জিলাৰ সহঃ বিত্ত সম্পাদিকা সুমিত্ৰা দাসক কালি বাইক আৰোহীয়ে খুন্দা মৰাৰ ফলত তেওঁ গুৰুতৰ ভাবে আহত হয়। বিগত ২৪ ঘণ্টা অচেতন হৈ গ্যেট হস্পিটেলৰ আই,চি,ইউত (ICU )ত জীৱন মৃত্যুৰে যুঁজি আছে সুমিত্ৰাই। মগজুৰ প্ৰচুৰ ৰক্তক্ষৰণ হোৱাৰ ফলত তেওঁৰ অৱস্থা কিছু সংকটজনক বুলি জানিবলৈ দিছে চিকিৎসক সকলে।
আৰ্থিক ভাবে পাছপৰা পৰিয়ালটোৱে এই বিপদত পৰি এন্ধাৰত বাট বিচাৰি নোপোৱাৰ উপক্ৰম হৈছে। ইফালে তেওঁৰ ঘৰত আছে পক্ষাঘাতত আক্ৰান্ত দেউতাক।
সেয়েহে ইচ্ছানুযায়ী যদি কোনোবাই কিবা আৰ্থিক অনুদান আগবঢ়াব খোজে আগবঢ়াই এই অথাই সাগৰত পৰা পৰিয়ালটোক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ অনুৰোধ জনাইছে আন এগৰাকী সমাজহিতৈশী যোদ্ধা উৎপল শিৱমে ।এটি ফেচবুক প’ষ্টৰ দ্বাৰা তেওঁ উল্লেখ কৰিছে যে যিকোনো সহৃদয় ব্যক্তিয়ে নিম্নোক্ত লিংকটোত গৈ তেওঁলৈ সহায়ৰ হাত আগবঢ়াব পাৰিব, যাতে মানবদৰদী ছোৱালীজনীয়ে পুনৰ জীৱন ঘূৰাই পাই।
তেওঁ সকলোকে অনুৰোধ জনাইছে যে সহস্ৰজনক নৱজীৱন দিয়া এই ছোৱালীজনীৰ নিজৰ জীৱনৰ সংকটৰ মূহুৰ্তত ৰাইজে যেন অলপ আৰ্থিক অনুদান আগবঢ়াই সহায় কৰে আৰু মানবতাৰ খাতিৰত পোষ্টটো অন্ততঃ শ্বেয়াৰ কৰে যাতে মানবদৰদী জনে তেওঁক সহায় কৰিব পাৰে।
আনহাতে সুমিত্ৰাৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য আগবঢ়াবলৈ ফেচবুকত তেওঁ নিম্নোক্ত লিংকটো শ্বেয়াৰ কৰে।