VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এনে এটা পাগুৰি যিটো পৃথিৱীৰ ভিতৰতে আটাইতকৈ গধূৰ

প্ৰতি বছৰে ৩০ কেজি ওজনৰ এই পাগুৰীটো চাবলৈ আহে এক বৃহৎ সংখ্যক পৰ্যটক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 7, 2022
in সংস্কৃতি
এনে এটা পাগুৰি যিটো পৃথিৱীৰ ভিতৰতে আটাইতকৈ গধূৰ
0
SHARES
30
VIEWS
Share on FacebookShare on Twitter

আজি আমি আপোনালোকক এনে এটা পাগুৰিৰ বিষয়ে ক’বলৈ ওলাইছো যিটো পৃথিৱীৰ ভিতৰতে আটাইতকৈ গধুৰ পাগুৰি। প্ৰতি বছৰে ৰাজস্থানৰ উদয়পুৰলৈ এই পাগুৰীটো চাবলৈ আহে বৃহৎ সংখ্যক পৰ্যটক ।

ভাৰতৰ ঐতিহ্যমণ্ডিত  ৰাজ্য ৰাজস্থান আৰু ইয়াৰ বিলাসীতা স্বচক্ষে প্ৰতক্ষ কৰিবলৈ যেন সমগ্ৰ বিশ্বই উন্মাদ। ইয়ালৈ অহা প্ৰতিজন ব্যক্তিৰে হয়তো এই ৰাজকীয় শৈলীৰে  জীয়াই থকাৰ থাকে প্ৰবল হেঁপাহ । লগতে ইয়ালৈ অহা বহুজনে আকৌ  মূৰত পাগুৰি বান্ধিও ভাল পায়।

বিশ্বৰ সৰ্ববৃহৎ পাগুৰিটো সংগৃহীত হৈ থকা  বাগোৰে কি হাভেলী এনে এক প্ৰাসাদ যি  নিজৰ পৰিসৰত  সামৰি লৈছে সমগ্ৰ ভাৰতবৰ্ষক ।কাৰণ  দেশৰ প্ৰতিখন ৰাজ্যৰ কিছুমান বৈশিষ্ট ইয়াৰ চাৰিখন দেৱালত চিহ্নিত হৈ আছে । ইয়াত অস্ত্ৰভাণ্ডাৰ, পুতলা আৰু ৰাজকীয় বিবাহৰ দৰে অনন্য সংগ্ৰহালয়ে পৰ্যটকক আকৰ্ষণ কৰে । ইয়াৰ উপৰিও প্ৰাসাদটোত সজাই থোৱা  হৈছে বিশ্বৰ সৰ্ববৃহৎ পাগুৰিটো  ।  যাক চাবলৈ ইয়ালৈ আহে লক্ষ লক্ষ লোক ৷  আনহাতে  মেৱাৰৰ ৰাজপৰিয়ালৰ গৌৰৱ অক্ষুন্ন ৰাখি প্ৰাসাদটোৰ বিভিন্ন কোঠাত  প্ৰদৰ্শিত  হৈ আছে বিভিন্ন টেবুল।

উল্লেখনীয় যে  ভাৰতৰ বহু ৰাজ্যৰ পৰম্পৰাগত পাগুৰিসমূহ এই  বাগোৰ কী হাভেলীত ৰখা হয়। ইয়াৰে অন্যতম হৈছে ৩০ কিলোগ্ৰাম ওজনৰ বিশ্বৰ সৰ্ববৃহৎ পাগুৰিটো।জানিবপৰা মতে এই অনন্য পাগুৰিটো ৫১ ফুট দীঘল, ৭ ইঞ্চি ডাঠ, ১১ ইঞ্চি বহল আৰু ডেৰ-দুই ফুট ওখ। বিশ্বৰ সৰ্ববৃহৎ পাগুৰি হিচাপে বিবেচিত এই পাগুৰিটো বৰোদাৰ শিপিনী অৱন্তিলাল চাওলাই ২৫ দিনত নিৰ্মাণ কৰিছিল।

আনহাতে সোমবাৰে উদয়পুৰত অনুষ্ঠিত হোৱা  জি-২০ শ্বেৰপাৰ বৈঠকৰ সময়ত বিকানেৰৰ পৱন ব্যাসে ২০ কেজি ওজনৰ পাগুৰি পৰিধান কৰাৰ  সময়ত দৰ্শনাৰ্থীসকল  তেওঁৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে আৰু এই  প্ৰকাণ্ড পাগুৰি পিন্ধা মানুহজনৰ লগত ছবি এখন ল’বলৈ সকলো যেন  উদ্বাউল হৈ পৰে । এই পৰিস্থিতিত ঐতিহাসিক বাগোৰ হাভেলীৰ সংগ্ৰহালয়ত প্ৰদৰ্শনৰ বাবে ৰখা এটা বিশাল পাগুৰিটোৰ  স্মৃতিও যেন সতেজ হৈ পৰে। কাৰণ পৱনে মূৰত  পিন্ধা এই পাগুৰিটোৰ ওজন আছিল  ২০ কেজি ৷  অৱশ্যে  বাগোৰ  হাভেলীৰ সংগ্ৰহালয়ত ৰখা সৰ্ববৃহৎ পাগুৰিটোৰ ওজন হ’ল ৩০ কেজি।

পৱন ব্যাসে পিন্ধা  ২০ কেজিৰ এই পাগুৰিটো বৰ্তমান সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ গুৰুত্বপূৰ্ণ যে মানক চকত সোমবাৰে বিদেশী অতিথিসকলক ৰাজস্থানী পাগুৰি বান্ধি দিয়াৰ আগমূহুৰ্তত  তেওঁলোকক ইয়াৰ গৌৰৱময় পৰম্পৰাৰ বিষয়ে অৱগত কৰা হয়। আৰু সেই  সময়তে বিকানেৰৰ এজন নিপুণ ছাফা শিল্পী পৱন ব্যাসক ইয়াক বান্ধিবলৈ মাতি অনা হয়। বিদেশী অতিথিৰ সন্মুখত ৪৫০ মিটাৰ ওজনৰ আৰু ২০ কেজি ওজনৰ পাগুৰি বান্ধি ব্যাসে নিজৰ কলা প্ৰদৰ্শন কৰে। যাক দেখি সকলো অতিথি আপ্লুত হৈ পৰে। সেই সময়ত বহু বিদেশী অতিথিয়েও ২০ কেজিৰ চাফা আৰু শিল্পীগৰাকীৰ সৈতে ফটো তুলিছিল।

বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু সৰু পাগুৰি বান্ধি বিশ্ব অভিলেখ সৃষ্টি কৰা ছাফা শিল্পী পৱন ব্যাসে কয় যে তেওঁৰ সমগ্ৰ পৰিয়াল এই কামত নিয়োজিত। ব্যাসে কয় যে তেওঁ নিজেও যোৱা ১৩ বছৰ ধৰি একে কাম কৰি আহিছে। ইয়াৰ পূৰ্বে তেওঁ হাতৰ আঙুলিত একৰ পৰা তিনি চেণ্টিমিটাৰৰ ভিতৰত আটাইতকৈ সৰু ১০টা ভিন্ন প্ৰকাৰৰ পাগুৰি বান্ধি নিজৰ নাম ইণ্ডিয়া বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত পঞ্জীয়ন কৰিছিল।

 

Previous Post

আকৌ ছবি পৰিচানালৈ ওভতি আহিছে অনুৰাগঃ‘লাইফ ইন এ মেট্ৰ’’ৰ আধাৰত নতুন কাহিনী

Next Post

আৰ্তজনৰ কাষত সদায় থিয় দিয়া সুমিত্ৰাৰ অৱস্থা সংকটজনক

Related Posts

অসমীয়াৰ ঐতিহ্য জাপি
মুখ্য সংবাদ

অসমীয়াৰ ঐতিহ্য জাপি

April 27, 2023
দুৰাৰোগ্য ৰোগত আক্ৰান্ত কিংবদন্তি শিল্পী ‘চেলিন ডিয়ন’
সংস্কৃতি

দুৰাৰোগ্য ৰোগত আক্ৰান্ত কিংবদন্তি শিল্পী ‘চেলিন ডিয়ন’

April 11, 2023
চীনৰ ‘ফা-চিত’ আৰু অসমীয়াৰ ‘গামোচা’
সংস্কৃতি

চীনৰ ‘ফা-চিত’ আৰু অসমীয়াৰ ‘গামোচা’

April 6, 2023
মুম্বাইৰ বান্দ্ৰাত মুকলি কৰা হ’ল  নীতা আম্বানীৰ সাংস্কৃতিক কেন্দ্ৰ , ২০০০ আসনযুক্ত এই কেন্দ্ৰত কি কি থাকিব ?
সংস্কৃতি

মুম্বাইৰ বান্দ্ৰাত মুকলি কৰা হ’ল নীতা আম্বানীৰ সাংস্কৃতিক কেন্দ্ৰ , ২০০০ আসনযুক্ত এই কেন্দ্ৰত কি কি থাকিব ?

April 1, 2023
অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়া “গজ উৎসৱ” উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে
সংস্কৃতি

অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়া “গজ উৎসৱ” উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

March 25, 2023
২৩মাৰ্চ ২০২৩ তাৰিখে  বিষ্ণু নিৰ্মলা ভৱনত  ‘চিত্ৰাংগদা’ আৰু ‘বৃহত্তৰ গুৱাহাটী মহিলা মঞ্চ সাংস্কৃতিক সংস্থা’ৰ  বিশেষ অনুষ্ঠান
সংস্কৃতি

২৩মাৰ্চ ২০২৩ তাৰিখে  বিষ্ণু নিৰ্মলা ভৱনত  ‘চিত্ৰাংগদা’ আৰু ‘বৃহত্তৰ গুৱাহাটী মহিলা মঞ্চ সাংস্কৃতিক সংস্থা’ৰ বিশেষ অনুষ্ঠান

March 24, 2023
Next Post
আৰ্তজনৰ কাষত সদায় থিয় দিয়া সুমিত্ৰাৰ অৱস্থা সংকটজনক

আৰ্তজনৰ কাষত সদায় থিয় দিয়া সুমিত্ৰাৰ অৱস্থা সংকটজনক

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7