চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত কৰা নেচনেল ইলিজিবিলিটি টেষ্ট চমুকৈ নীটৰ ফলাফল ঘোষণা কৰিবলৈ আজি অনুমতি প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। পূৰ্বে বোম্বে উচ্চ ন্যায়ালয়ে এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰাত স্থগিতাদেশ জাৰি কৰিছিল। দুগৰাকী পৰীক্ষাৰ্থীৰ উত্তৰবহীক লৈ হোৱা খেলিমেলিৰ বাবে পৰীক্ষাৰ ফলাফল ঘোষণাত স্থগিতাদেশ জাৰি কৰিছিল। লগতে উক্ত দুই পৰীক্ষাৰ্থীৰ বাবে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বোম্বে উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছিল। উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক প্ৰত্যহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল এন টি এ। চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই সবিশেষ তথ্য দাখিল কৰাৰ পাছতে উচ্চতম ন্যায়ালয়ে নীটৰ ফলাফল ঘোষণা কৰিবলৈ অনুমতি প্ৰদান কৰে। ৰায় প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে কয় যে দুয়োজন শিক্ষাৰ্থীৰ বিষয়টো দিপাৱালীৰ বন্ধ খোলাৰ পাছত বিবেচনা কৰা হ’ব। কিন্তু ইয়াৰ বাবে ১৬ লাখ শিক্ষাৰ্থীৰ ফলাফল স্থগিত কৰি ৰখাটো উচিত নহয়। উল্লেখযোগ্য যে যোৱা ১২ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল নীটৰ প্ৰৱেশ পৰীক্ষা। ১৬,১৪,৭৭৭ জন পৰীক্ষার্থী অৱতীৰ্ণ হৈছিল এই পৰীক্ষাত। মুঠ ২০২ খন চহৰত এই পৰীক্ষা অনুষ্ঠিত হৈছিল।