অসুস্থ হৈ পৰা শিক্ষার্থীক চিকিৎসকৰ পৰিৱর্তে তান্ত্ৰিক মাতি আনি চিকিৎসা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এই ঘটনা সংঘটিত হৈছে উত্তৰপ্ৰদেশৰ এখন বিদ্যালয়ত ৷
উত্তৰ প্ৰদেশৰ মহোবা জিলাৰ এখন চৰকাৰী বিদ্যালয়ত মধ্যাহ্ন ভোজন সেৱন কৰি ১৫ গৰাকী ছাত্ৰী অসুস্থ হৈ পৰে। অভিযোগ অনুসৰি তেওঁলোকৰ চিকিৎসাৰ বাবে কোনো চিকিৎসকৰ সহায় লোৱা হোৱা নাছিল। ইয়াৰ বিপৰীতে তান্ত্ৰিক এজনক মাতি অনা হৈছিল ৷ এই খবৰ পোহৰলৈ অহাৰ পিছতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে বিদ্যালয়খন সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী প্ৰেৰণ কৰে।
সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি চৰকাৰী বিদ্যালয়ত তান্ত্ৰিক ব্যৱহাৰ কৰি মানৱ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ উত্থাপন হৈছিল। অসুস্থ ছাত্ৰ-ছাত্ৰীক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিব লাগিছিল ৷ বিদ্যালয়খনৰ এই আচৰণৰ পিছতে আয়োগে ব্যৱস্থা গ্ৰহণ কৰিছে। শুকুৰবাৰে উত্তৰ প্ৰদেশ চৰকাৰলৈ এখন জাননী প্ৰেৰণ কৰি বিদ্যালয়খনৰ কতৃপক্ষক এই আচৰণৰ বাবে ক্ষমা বিচাৰিবলৈ কৈছে ৷
তান্ত্ৰিক সন্দৰ্ভত তথ্য লাভ কৰাৰ পাছত বিদ্যালয়ত উপস্থিত হয় আৰক্ষী। তেওঁলোকৰ হস্তক্ষেপত ছাত্ৰ-ছাত্ৰীসকল তান্ত্ৰিকৰ কবলৰ পৰা মুক্ত কৰা হয় ৷ তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে জাননীত উত্তৰ প্ৰদেশৰ মুখ্য সম্পাদকক সংশ্লিষ্ট বিদ্যালয়ত সংঘটিত ঘটনা সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত বিতং তথ্য দিবলৈ নির্দেশ দিছে । ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত যাতে ভৱিষ্যতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে চৰকাৰে কি পদক্ষেপ লৈছে সেয়াও জানিব বিচাৰিছে আয়োগে। মধ্যাহ্ন ভোজনৰ গুণগত মান সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে।