VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

“বিচাৰক নিযুক্তিৰ পদ্ধতি সলনি কৰিব লাগে”! সংসদত আইন মন্ত্ৰীৰ মন্তব্যত পুনৰ বিতর্ক

voicedesk by voicedesk
December 16, 2022
in মুখ্য সংবাদ
“বিচাৰক নিযুক্তিৰ পদ্ধতি সলনি কৰিব লাগে”! সংসদত আইন মন্ত্ৰীৰ মন্তব্যত পুনৰ বিতর্ক
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত বর্তমানৰ কলেজিয়াম ব্যৱস্থাৰ বিৰোধিতাক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু উচ্চতম ন্যায়ালয়ৰ মাজত সংঘাতৰ সৃষ্টি হৈ আহিছে ৷  কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত বৰ্তমানৰ কলেজিয়াম ব্যৱস্থা সলনি কৰাৰ প্ৰস্তাৱ বিবেচনা কৰা উচিত বুলি পুনৰ মন্তব্য কৰিছে। সংসদত  ভাষণ প্ৰদান কৰি তেওঁ কয়-, ‘বৰ্তমানৰ ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ন্যায়পালিকাৰ সর্বোচ্চ পৰ্যায়ত নিযুক্তি ব্যৱস্থা স্থবিৰ হৈ আছে ৷  কিন্তু সেয়া কেন্দ্ৰীয় চৰকাৰৰ বাবে নহয়। বৰঞ্চ প্ৰক্ৰিয়াৰ বাবেহে।”

ৰাজ্যসভাত ৰিজিজুৱে স্পষ্টকৈ উল্লেখ কৰিছিল যে নতুন ব্যৱস্থা প্ৰৱৰ্তন নোহোৱালৈকে সমস্যাৰ সমাধান নহ’ব। বৃহস্পতিবাৰে তেওঁৰ এই মন্তব্যৰ ফলত অনাগত দিনত ন্যায়পালিকাৰ নিযুক্তিক লৈ নৰেন্দ্ৰ মোদী চৰকাৰৰ সৈতে ন্যায়পালিকাৰ সংঘাত বৃদ্ধি পাব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। ইফালে অধিবক্তাৰ এটা অংশই ৰিজিজুৰ মন্তব্যক সমালোচনা কৰিছে। এজন অধিবক্তাৰ সূত্ৰই জনোৱা মতে, তেওঁৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিলৰ ‘প্ৰস্তুতি’ চলি আছে।

বিগত কেইমাহমানৰ পৰা ৰিজিজুৱে ন্যায়াধীশ নিযুক্তিৰ কলেজিয়াম ব্যৱস্থাক লৈ অহৰহ প্ৰশ্ন উত্থাপন কৰি আহিছে। ইয়াৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়েও। ইয়াৰ সমান্তৰালকৈ উচ্চ ন্যায়ালয়ে নৰেন্দ্ৰ মোদী চৰকাৰে ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত গাফিলতি কৰি অহা বুলি অভিযোগ উত্থাপন কৰি আহিছে। চলিত মাহৰ আৰম্ভণিতে ন্যায়াধীশ সঞ্জয় কিষেন কৌল আৰু ন্যায়াধীশ এ এছ ওকাৰ বিচাৰপীঠে কেন্দ্ৰক ধমক দি কয় যে ন্যায়িক নিযুক্তিৰ বাবে কলেজিয়ামৰ পৰামৰ্শত সন্মতি দিয়াত চৰকাৰৰ ফালৰ পৰা অযথা বিলম্ব কৰা হৈছে ৷

অৱশ্যে ৰিজিজু এতিয়াও নিজৰ স্থিতিত অটল হৈ আছে । ইয়াৰ পূৰ্বে তেওঁ ৰাজহুৱাভাৱে অভিযোগ কৰিছিল যে বৰ্তমানৰ কলেজিয়াম ব্যৱস্থাত স্বচ্ছতাৰ অভাৱ। আনকি, ন্যায়াধীশ নিযুক্তিৰ এই ব্যৱস্থাটোক তেওঁ ‘ভাৰতীয় সংবিধানৰ পৰিপন্থী’ বুলিও অভিহিত কৰে। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় আইন মন্ত্ৰীগৰাকীৰ এই মন্তব্যক ‘নিৰাশাজনক’ বুলি অভিহিত কৰিছে। ৰাষ্ট্ৰীয় মোদী চৰকাৰে বলবৎ কৰিছিল ৷ কিন্তু উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে ইয়াক অসাংবিধানিক বুলি খাৰিজ কৰি কলেজিয়াম ব্যৱস্থা বজাই ৰখাৰ সপক্ষে ৰায় দিয়ে। তাৰ পিছৰে পৰা কেন্দ্ৰ আৰু উচ্চতম ন্যায়ালয়ৰ মাজত এই বিষয়টোক লৈ মতানৈক্যৰ সৃষ্টি হৈছে।

বৰ্তমানৰ ব্যৱস্থাত উচ্চতম ন্যায়ালয়ৰ পাঁচজন শীৰ্ষ ন্যায়াধীশক লৈ গঠিত কলেজিয়ামেই সম্ভাৱ্য ন্যায়াধীশৰ নামৰ পৰামৰ্শ দিয়ে। ইয়াৰ পিছত চৰকাৰে সেই নামবোৰ বিবেচনা কৰে। চৰকাৰে কলেজিয়ামৰ পুনৰ বিবেচনাৰ বাবে নামবোৰ ঘূৰাই পঠিয়াব পাৰে। কিন্তু কলেজিয়ামে যদি সেই নামবোৰ উভতাই পঠিয়াই দিয়ে তেন্তে চৰকাৰে মানি লোৱাটো বাধ্যতামূলক। কিন্তু মোদী চৰকাৰে এই ব্যৱস্থা সলনি কৰিব বিচাৰিছে। যাক লৈ বিতৰ্কৰ সূত্ৰপাত ঘটিছে ।

Previous Post

উৎকোচৰ প্ৰাথমিক প্ৰমাণৰ ভিত্তিতে দোষী সাব্যস্ত কৰিব পাৰিব চৰকাৰী কর্মচাৰীক, উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ ৰায়

Next Post

মাৰাডোনাৰ বাসগৃহৰ পৰা বিশ্বকাপৰ ফাইনেল মেচ উপভোগ কৰিব পাৰিব আর্জেণ্টিনাবাসীয়ে, কোনে লৈ আহিছে এই সুযোগ ?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
মাৰাডোনাৰ বাসগৃহৰ পৰা বিশ্বকাপৰ ফাইনেল মেচ উপভোগ কৰিব পাৰিব আর্জেণ্টিনাবাসীয়ে, কোনে লৈ আহিছে এই সুযোগ ?

মাৰাডোনাৰ বাসগৃহৰ পৰা বিশ্বকাপৰ ফাইনেল মেচ উপভোগ কৰিব পাৰিব আর্জেণ্টিনাবাসীয়ে, কোনে লৈ আহিছে এই সুযোগ ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7