এইবাৰ গছপুলি ৰোপেনেৰে ৯ টা বিশ্ব অভিলেখ কৰিবলৈ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে ৷ আজি ইয়াৰ প্ৰথমটো অভিলেখ সৃষ্টিৰ বাবে প্ৰয়াস কৰা হয় ৷ অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাপে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত গছপুলিৰ দীৰ্ঘতম কুণ্ডলী আকৃতিত একত্ৰীকৰণেৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াস কৰা হয় ৷ ৩.৫ লাখ গছপুলিৰ ২২ কিল’মিটাৰ দৈর্ঘ্যৰ কুণ্ডলী আকৃতিত একত্ৰীকৰণ কৰা হৈছে খানাপাৰা খেলপথাৰত ৷
আজি খানাপাৰা খেলপথাৰত এই বিশ্ব অভিলেখ মূল্যায়নৰ বাবে উপস্থিত হয় গীনিজ বিশ্ব অভিলেখৰ কতৃপক্ষ ৷ প্ৰবীন পেটেলে গীণিজ বিশ্ব অভিলেখৰ হৈ খানাপাৰাত উপস্থিত হৈ সমগ্ৰ ব্যৱস্থাপনা নিৰীক্ষণ কৰে ৷ পেটেলে কয় যে বিশ্ব অভিলেখৰ বাবে কেইবাটাও মাপকাঠি পুৰণ কৰিব লাগিব ৷ সেই মাপকাঠিসমূহ তেওঁলোকে কালিৰে পৰা মূল্যায়ন কৰি আহিছে ৷ এই মূল্যায়ন সম্পূর্ণ হ’বলৈ আৰু কিছু সময়ৰ প্ৰয়োজন হ’ব ৷ তাৰ পাছতহে এই অভিলেখ গঢ়িবলৈ সক্ষম হ’বনে নহয়, সেয়া ঘোষণা কৰা হ’ব বুলি তেওঁ সদৰী কৰে ৷ আজিৰ সভাত বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, বিত্ত মন্ত্ৰী অজন্তা নেওগকে ধৰি বন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ৷
অহা ১৭ ছেপ্তেম্বৰলৈ পর্যায়ক্ৰমে বিভিন্ন শাখাত বিশ্ব অভিলেখৰ প্ৰয়াস চলাব ৰাজ্য চৰকাৰে ৷ অসমৰ আর্হিত গছ ৰোপন, এঘণ্টাত সর্বাধিক গছৰোপন, এদিনত সভর্বাধিক গছৰোপন, এদিনত সর্বাধিক গছৰোপনৰ সর্ববৃহৎ ফটো এলবাম আদিকে ধৰি বিভিন্ন শাখাত এই অভিলেখসমূহ কৰা হ’ব ৷