টাইটানিক নামৰ জাহাজখনৰ দূর্ঘটনাৰ কাহিনী সর্বজনবিদিত ৷ ১৯১২ চনত ‘টাইটানিক’ জাহাজখনে ইংলেণ্ডৰ পৰা নিউয়ৰ্কলৈ যাত্ৰা আৰম্ভ কৰে। উত্তৰ আটলাণ্টিক মহাসাগৰৰ বৰফৰ পাহাৰত খুন্দা মৰাৰ ফলত জাহাজখন ডুব যায় মাজ মহাসাগৰত। এই ঘটনাৰ আধাৰত ১৯৯৭ চনত জেমছ কেমেৰনৰ পৰিচালনাত ‘টাইটানিক’ ছবিখন ডাঙৰ পৰ্দাত মুক্তি লাভ কৰে। কিন্তু টাইটানিকৰ এই কাহিনীটো বহু বছৰৰ আগতে উপন্যাসখনৰ পৃষ্ঠাত লিখা হৈছে। এই কথা একাংশ তত্ত্ববিদে দাবী কৰিছে।
১৮৮৬ চনত ‘দ্য ছিংকিং অৱ এ মডাৰ্ণ লাইনাৰ’ নামৰ এখন উপন্যাস প্ৰকাশ পাইছিল। ডব্লিউ টি ষ্টীড নামৰ এজন সাংবাদিকে এই গ্ৰন্থখন লিখিছে। এই উপন্যাসখনৰ লগত টাইটানিকৰ দুৰ্যোগৰ বহু সাদৃশ্য আছে। এই উপন্যাসখনত ষ্টীডে লিখিছে যে লিভাৰপুলৰ পৰা এখন জাহাজ নিউয়ৰ্কলৈ যায়। কিন্তু বাটতে জাহাজখন ডুব গ’ল। লাইফবোটৰ অভাৱৰ বাবে জাহাজত থকা সকলো যাত্ৰীক বচাব পৰা নাছিল। আশ্চর্যজনকভাৱে টাইটানিকৰ লগত এই সকলোবোৰ ঘটনাৰ সাদৃশ্য আছিল ৷
উপন্যাসখনৰ মতে, জাহাজৰ ডেকত যাত্ৰীসকলে লাইফবোটত উঠিবলৈ হুলস্থুল কৰিছিল। জাহাজৰ কেপ্তেইনে সকলোকে তাৰ পৰা উলিয়াই আনিবলৈ বন্দুকেৰে গুলিয়াইছিল । ‘টাইটানিক’ ছবিখনতো একেধৰণৰ দৃশ্য দেখুওৱা হৈছিল।
কেৱল ষ্টীডে লিখা গ্ৰন্থখনতে নহয়, ১৮৯৬ চনত প্ৰকাশিত আন এখন উপন্যাস ‘দ্য ৰেক অৱ দ্য টাইটান’তো ‘টাইটানিক’ৰ দৰে ভয়ানক ঘটনাৰ উল্লেখ আছে। আমেৰিকাৰ লেখক মৰ্গান ৰবাৰ্টছনে এই উপন্যাসখনত জাহাজ ধ্বংসৰ কাহিনী বর্ণনা কৰিছে ৷
মৰ্গানে তেওঁৰ কিতাপখনত উল্লেখ কৰা জাহাজখনৰ নাম ‘টাইটান’। নিউফাউণ্ডলেণ্ডৰ উপকূলত ডুব যায় জাহাজখন। বৰফৰ পাহাৰৰ সৈতে খুন্দা মৰাৰ ফলত জাহাজখনৰ ক্ষতিসাধন হয়। সেইবাবেই জাহাজখন ডুব যায় ৷১৯০৮ চনত এম মেকডনেল বডকিনে তেওঁৰ উপন্যাস ‘দ্য শ্বিপ ৰাণ’ত জাহাজ ধ্বংসস্তূপৰ কথাও উল্লেখ কৰিছে। সেই জাহাজখনৰ নাম আছিল ‘টাইটানিক’।
গ্ৰন্থখনত উল্লেখ কৰা অনুসৰি জাহাজখন আকাৰত আটাইতকৈ ডাঙৰ। এই জাহাজখনে সৰ্বাধিক সংখ্যক যাত্ৰী কঢ়িয়াব পাৰে ৷ বডকিনৰ কিতাপখন পঢ়িলে এনে লাগে যেন তেওঁ আচলতে টাইটানিকৰ বিষয়ে আগতেই জানিছিল। ঘটনাৰ ৪ বছৰ আগতে লিখা হৈছিল কিতাপখন। কিন্তু তেওঁ জাহাজখনৰ গঠন এনেদৰে বৰ্ণনা কৰিছিল যে টাইটানিক জাহাজখন দেখাৰ পিছত তেওঁ কিতাপখন লিখা যেন পাঠকৰ অনুভৱ হ’ব ৷
টাইটানিক জাহাজ যাত্ৰাৰ পূৰ্বে ১৯১২ চনত ৰচিত হৈছিল ‘দ্য হোৱাইট ঘোষ্ট অৱ ডিজেষ্টাৰ” শীৰ্ষক এটা চুটিগল্প। থৰ্ণ্টন জেনকিন্স হেইনছে মেইন ক্লিউ গাৰ্নেট হিচাপে ছদ্মনাম নাম ব্যৱহাৰ কৰি এই কিতাপখন লিখিছিল। হেইনছৰ কাহিনীত জাহাজখনৰ নাম আছিল ‘এডমিৰেল’। প্ৰতি ঘণ্টাত ৪২ কিলোমিটাৰ বেগেৰে গৈ থকা জাহাজখনেও বৰফৰ পাহাৰত খুন্দা মৰাৰ কাহিনী বর্ণনা কৰা হৈছিল ৷ টাইটানিকৰ দৰে ‘এডমিৰেল’ জাহাজখনো উত্তৰ আটলাণ্টিক মহাসাগৰৰ মাজত ডুব গৈছিল। থৰ্ণ্টনে কাহিনীটোত লিখিছে যে সেই জাহাজখনত পৰ্যাপ্ত পৰিমাণৰ লাইফবোট নথকাৰ বাবে বহু যাত্ৰী জীৱিত অৱস্থাত ঘূৰি আহিব নোৱাৰিলে।
ইমানবোৰ উপন্যাসত টাইটানিক জাহাজ ডুব যোৱাৰ আগতে এই ঘটনাৰ কথা উল্লেখ কৰা হৈছে যে ই যে কাকতলীয়া ঘটনা সেই কথাটো মানি লোৱাটো কঠিন। বহু ষড়যন্ত্ৰ তত্ত্ববিদে দাবী কৰে যে লেখকৰ কল্পনা আৰু বাস্তৱৰ মাজত এনে সাদৃশ্য দেখাৰ পিছত ‘টাইটানিক’ৰ ডুব যোৱাটো পূৰ্বনিৰ্ধাৰিত হৈছিল। কিন্তু বেছিভাগৰ মতে ঘটনাবোৰ কাকতলীয়া ঘটনাহে আছিল ।