বৃহস্পতিবাৰে মণিপুৰৰ ন’নী জিলাত সংঘটিত হয় এক গুৰুতৰ ভূমিস্খলনৰ ঘটনা ৷ পাহাৰৰ মাটি খহি এখন নদীৰ প্ৰবাহত বাধাৰ সৃষ্টি হোৱাৰ পিছত কমেও দুজন সেনাৰ মৃত্যু হোৱাৰ লগতে ২০ জনৰো অধিক লোক সন্ধানহীন হৈ আছে।সন্ধানহীন লোকসকলৰ উদ্ধাৰৰ বাবে তালাচী অভিযান অব্যাহত আছে ৷ ঘটনাত মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
বুধবাৰে মাজনিশা প্ৰায় ন’নী আৰক্ষী থানাৰ পৰা প্ৰায় ১৪ উত্তৰ-পূবে মাখুৱাম অঞ্চলৰ সমীপত অৱস্থিত টুপুল য়াৰ্ড ৰেলৱে নিৰ্মাণ শিবিৰৰ সমীপত এই ভূমিস্খলন সংঘটিত হয়। বৃহস্পতিবাৰে পুৱা মৃতদেহ উদ্ধাৰ হোৱা লোক দুজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই বুলি আৰক্ষীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে।
তামেংলং আৰু ন’নী জিলাৰ মাজেৰে বৈ যোৱা ইজাই নদীয়ে কঢ়িয়াই অনা অৱজর্নাসমূহে বান্ধৰ দৰে অৱস্থাৰ সৃষ্টি কৰিছে ৷ এই বান্ধ ভাঙি গ’লে ন’নী জিলাৰ নামনি অঞ্চলসমূহত বিধ্বংসী ৰূপ ধাৰণ কৰিব বুলি আশংকা কৰা হৈছে ৷ ইয়াৰ ফলত নামনিত থকা লোকসকলক ঘৰ খালী কৰিবলৈ নির্দেশ দিয়াৰ লগতে যাত্ৰীসকলক ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ(ইম্ফল-জিৰি ঘাইপথ)ৰ পৰাও আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।
ইফালে, ভাৰতীয় সেনা আৰু আছাম ৰাইফলছৰ উদ্ধাৰ অভিযান অব্যাহত আছে। পুৱা ৫:৩০ বজালৈকে ১৩ জন ব্যক্তিক উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ আহত সকল ন’নী আৰ্মি মেডিকেল ইউনিটত চিকিৎসাধীন হৈ আছে।