পোহৰৰ উৎসৱ দিপাৱালীলৈ মাজত মাথোঁ এটা দিন। মাটিৰ চাকি , ৰং-বিৰঙৰ বৈদ্যুতিক চাকিৰে ভৰি পৰিছে বজাৰ। চাকি বন্তি জ্বলোৱাৰ লগতে ফটকা,আঁতচবাজী ফুটুৱা দিপাৱালীৰ আন এক পৰম্পৰা। কিন্তু এইবাৰ দিপাৱলীত ফটকা অথবা আঁতচবাজী আদি ফুটুৱাৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা দিছে উচ্চতম ন্যায়ালয়ে। এটা গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে সেউজ ফটকা-আঁতচবাজী ফুটুৱাৰ অনুমতি প্ৰদান কৰিছে। অৱশ্যে এই ক্ষেত্ৰত ন্যায়ালয়ে বান্ধি দিছে এক বিশেষ চৰ্ত। সেই অনুসৰি যিসমূহ অঞ্চলৰ বায়ুৰ গুণাগুণৰ মাত্ৰা “বেয়া” সেই অঞ্চল সমূহত দিপাৱলীত ফটকা অথবা আঁতচবাজী (poor) ফুটাব নোৱাৰিব।কলকাতা উচ্চ ন্যায়ালয়ে সকলো ধৰণৰ ফটকা-আঁতচবাজী ফুটুৱাত জাৰি কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰি উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশনা প্ৰদান কৰে। গোচৰটোৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে কয় যে সকলো ধৰণৰ ফটকা ফুটুৱা নিষিদ্ধ কৰিব নোৱাৰি। কি ধৰণৰ ফটকা আৰু আঁতচবাজী ফুটাব পাৰিব সেই সন্দৰ্ভত সেউজ ন্যায়াধীকৰণে ইতিমধ্যে কেতবোৰ নিৰ্দেশনা প্রদান কৰিছে।