বন্ধু-বান্ধৱ অথবা আত্মীয়ৰ সৈতে কথা পাতিবলৈ আমি সঘনে হোৱাটছএপ ব্যৱহাৰ কৰো ৷ কিন্তু কেতিয়াবা ভুলতে হোৱাটছএপত মেছেজ কৰি আমি বিপাঙত পৰো ৷ কিয়নো ১ ঘণ্টাৰ ভিতৰতে আমি মেছেজ ডিলিট নকৰিলে পিছত সেই মেছেজসমূহ ডিলিট কৰিব নোৱাৰো ৷ কিন্তু এতিয়াৰ পৰা আৰু আপুনি বিপদত পৰিব নালাগে ৷ কিয়নো মেজেজ ডিলিট কৰাৰ সময় বৃদ্ধি কৰা হৈছে হোৱাটছএপত ৷ মেছেজিং প্লেটফৰ্ম হোৱাটছএপে ২.২২.১৫.৮ আপডেটৰ জৰিয়তে সকলোৰে বাবে মেছেজ ডিলিট কৰাৰ সময়সীমা বৃদ্ধি কৰিছে। এতিয়াৰ পৰা পূৰ্বৰ সীমা মাত্ৰ “১ ঘণ্টা, ৮ মিনিট, ১৬ ছেকেণ্ড”ৰ বিপৰীতে “২ দিন, ১২ ঘণ্টা”ৰ ভিতৰত মেজেজ সকলোৰে পৰা ডিলিট কৰিব পাৰিব ৷ ।
জানুৱাৰী মাহৰ পৰা হোৱাটছএপে এনে এটা বৈশিষ্ট্যৰ ওপৰত কাম কৰি আহিছে ৷ যাৰ ফলত গ্ৰুপ এডমিনসকলে যিকোনো গ্ৰুপ সদস্যৰ মেছেজ ডিলিট কৰিব পাৰিব। ইতিমধ্যে টেলিগ্ৰামত দেখা পোৱা এই বৈশিষ্ট্যই এডমিনসকলক তেওঁলোকৰ হোৱাটছএপ গ্ৰুপৰ কন্টেন্ট নিয়ন্ত্ৰণ কৰাৰ অধিক ক্ষমতা প্ৰদান কৰিব।
মেটা প্লেটফৰ্মছৰ মালিকানাধীন হোৱাটছএপে মে’ মাহত ইয়াৰ অভিযোগ চেনেলৰ জৰিয়তে ব্যৱহাৰকাৰীৰ পৰা পোৱা অভিযোগৰ ভিত্তিত, আৰু নিয়ম উলংঘা প্ৰতিৰোধ আৰু ধৰা পেলোৱাৰ নিজা ব্যৱস্থাৰ জৰিয়তে ১৯ লাখতকৈ অধিক ভাৰতীয় একাউণ্ট নিষিদ্ধ কৰিছিল ৷