VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কামলৈ যাওঁতে সন্তানটিক মাক-দেউতাকে ক’ত থৈ যাব?

ববিতা শইকীয়া by ববিতা শইকীয়া
May 15, 2023
in মুখ্য সংবাদ
কামলৈ যাওঁতে সন্তানটিক মাক-দেউতাকে ক’ত থৈ যাব?
0
SHARES
693
VIEWS
Share on FacebookShare on Twitter

অলপতে গম পালো ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত ডে’ কেয়াৰ চেণ্টাৰ এটা মুকলি কৰা হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অৱশ্যে প্ৰায় ২০০৮ চনৰ পৰাই ডে’ কেয়াৰ চেণ্টাৰ আছে বুলি শুনিছো। যিহেতু ইউনিৰ্ভাচিটি গ্ৰাণ্ট কমিছনৰ নিয়ম অনুসৰি মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত ডে’ কেয়াৰ চেণ্টাৰ থকাতো বাধ্যতামূলক যাতে কৰ্মৰত অভিভাৱকসকলে নিজৰ সন্তানক ডে’ কেয়াৰ চেণ্টাৰত ৰাখিব পাৰে।

বৰ্তমান অসমৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাদেৱৰ লগত এবাৰ কথা পাতোতে জানিব পাৰিছিলো যে তেওঁ তেখেতৰ সমষ্টিৰ বাগান বিলাকত ডে’ কেয়াৰ চেণ্টাৰৰ ব্যৱস্থা কৰি দিছিল। যাৰ ফলত বাগানৰ পাত তোলা মহিলাসকলে সন্তানক লগত লৈ কামলৈ আহিব পাৰে আৰু নিশ্চিন্তমনে কাম কৰিব পাৰে।

ডে’ কেয়াৰ চেণ্টাৰৰ প্ৰয়োজনীয়তা কিমান!

সাধাৰণতে চাকৰিয়াল মহিলাসকলে সন্তান জন্মৰ পাছত ছমাহলৈ মেটাৰনিটি লিভ্‌ ল’ব পাৰে। কিছুমানে সন্তান জন্মৰ অলপদিনৰ আগৰ পৰাই ছুটি ল’ব লগা হয়। তেতিয়া সন্তান জন্মৰ পাছত ছমাহতকৈ আগতে চাকৰিত যোগদান কৰে। চৰকাৰী বা বেচৰকাৰী সকলো প্ৰতিষ্ঠানে মেটাৰনিটি লিভ্‌ দিয়াতো বাধ্যতামূলক।কিন্তু মেটাৰনিটি লিভ্‌ শেষ হোৱাৰ পাছত প্ৰতিগৰাকী মহিলাই এক সাংঘাটিক সমস্যাৰ সন্মুখীন হ’ব লগাত পৰে। ছমহীয়া সন্তানটিক ক’ত থৈ যাব ? কাৰ লগত থৈ যাব? মাকৰ গাখীৰ খাই থকা কেঁচুৱাটিক আকৌ বটল গাখীৰ খুওৱাৰ প্ৰেক্‌টিছ্‌ কৰিব লগা হয়। পতি-পত্নীৰ দুজনীয়া সংসাৰত দুইজনৰ পানীত হাঁহ নচৰা অৱস্থা হয়। মাক বা শাহুৱেকক ঘৰলৈ আনি তেওঁলোকৰ লগতে বহু অভিভাৱকে কেঁচুৱাটোক থৈ যায় যদিও সকলোৰে এই সুবিধা নাথাকে অথবা সকলোৰে পক্ষে এইয়া সম্ভৱ নহয়।
যৌথ পৰিয়ালত কিছুমান সুবিধা থাকে যদিও সন্তানৰ গা বেয়া বা আন কিছুমান সময়ত সন্তানৰ কাষত মাকৰ বা দেউতাকৰ উপস্থিতি একান্তই প্ৰয়োজন। আনহাতে কৰ্মক্ষেত্ৰৰ এৰাব নোৱাৰা কামৰ তাগিদাই সন্তানক ঘৰত তেনেকৈয়ে এৰি থৈ যাবলৈ বাধ্য হয় বহু অভিভাৱক। তেনেকুৱা সময়বোৰত ডে’ কেয়াৰ চেণ্টাৰৰ প্ৰয়োজনীয়তা বহুত বেছি।
বহুলোকে ক্ৰেছৰ সুবিধা লয় যদিও সকলো ঠাইতে বিশেষকৈ মফছলীয়া অঞ্চলবোৰত ক্ৰেছৰ সুবিধা নাথাকিবও পাৰে।
বহু এন. জি. অ’ ই ঘৰত কেচুৱা ৰাখিবলৈ মহিলাক কিছুমানক নিয়োগ কৰে। তেওঁলোকক ট্ৰেইনিং দিয়া হয় যদিও বহুসময়ত তেওঁলোকৰ হাতত সন্তানক গতাই থৈ কৰ্মক্ষেত্ৰলৈ ওলাই যোৱাতো এটা সাংঘাটিক সাহসী পদক্ষেপ হৈ পৰে। তেওঁলোকৰ বিশ্বাসযোগ্যতাত সন্দেহ থকাতোও স্বাভাৱিক। আনহাতে তেওঁলোকৰ দৰমহা প্ৰায় ৯০০০/- টকাৰ পৰা ১৫০০০/- টকালৈকে হোৱা বাবে সকলোৰে পক্ষে তেনে মহিলাক কেঁচুৱা ৰাখিবৰ বাবে নিয়োগ কৰা অসম্ভৱ হৈ পৰে।

বহু চাকৰিয়াল দম্পত্তিয়ে দুখীয়া ঘৰৰ সৰু সৰু ল’ৰা-ছোৱালীক কেঁচুৱা ৰখিবলৈ বিচাৰি ফুৰে। বিশেষকৈ কম দৰমহাত ১৫/১৬ বছৰ বয়সৰ কামকৰা ছোৱালীক নিজ সন্তানক ৰখিবলৈ নিয়োগ কৰে যিটো অতি দুৰ্ভগ্যজনক আৰু আইনমতে দণ্ডণীয়।

চৰকাৰী হওক বা বেচৰকাৰী হওক সকলো কৰ্ম প্ৰতিষ্ঠানত ডে’ কেয়াৰ চেণ্টাৰ থকাতো নিশ্চিত হ’ব লাগে। কেৱল মাক চাকৰিয়াল বুলিয়েই নহয় বহু দেউতাকেও মাকৰ দৰেই সন্তানক সুন্দৰকৈ লালন পালন কৰে। ডে’ কেয়াৰ চেণ্টাৰে পৰিস্থিতি সাপেক্ষে দেউতাক সকলকো সহায় কৰিব পাৰে।
ডে’ কেয়াৰ চেণ্টাৰৰ ব্যৱস্থাই সন্তানক এক সুস্থ পৰিৱেশ দিয়াৰ লগতে অভিভাৱক কৰ্মচাৰীৰ পৰাও কৰ্ম প্ৰতিষ্ঠান একোটাই “ভালকাম” বা “কোৱালিটি ৱৰ্ক” আশা কৰিব পাৰে। অন্যথা সন্তানক ঘৰত থৈ অহাৰ চিন্তাই বহুসময়ত অভিভাৱক কৰ্মচাৰীৰ কামৰ প্ৰতি মনোযোগ বিচ্ছিন্ন কৰাৰ সম্ভাৱনা থাকে।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

ধিঙৰ নাম ডুমডুমীয়াৰ বেল নামঘৰত গুৰু আসন প্ৰতিষ্ঠা, উখল-মাখল পৰিবেশ

Related Posts

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী
মুখ্য সংবাদ

মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী

September 22, 2023
Next Post
ধিঙৰ নাম ডুমডুমীয়াৰ বেল নামঘৰত গুৰু আসন প্ৰতিষ্ঠা, উখল-মাখল পৰিবেশ

ধিঙৰ নাম ডুমডুমীয়াৰ বেল নামঘৰত গুৰু আসন প্ৰতিষ্ঠা, উখল-মাখল পৰিবেশ

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7