VOICE 24x7
Sunday, October 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ ছিল্ক স্মিতাৰ কথা মনত আছেনে ? কেনেদৰে বিজয়লক্ষ্মী বদলাপতিৰ পৰা তাৰকা হৈ পৰিছিল দৰিদ্ৰ ঘৰৰ জীয়ৰী গৰাকী ?আজিও ৰহস্যৰ আৱর্তত মৃত্যু ৰহস্য

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 3, 2022
in মনোৰঞ্জন
দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ ছিল্ক স্মিতাৰ কথা মনত আছেনে ? কেনেদৰে বিজয়লক্ষ্মী বদলাপতিৰ পৰা  তাৰকা হৈ পৰিছিল দৰিদ্ৰ ঘৰৰ জীয়ৰী গৰাকী ?আজিও ৰহস্যৰ আৱর্তত মৃত্যু ৰহস্য
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

বিজয়লক্ষ্মী বদলাপতি। দাক্ষিণাত্য চলচ্চিত্ৰ উদ্যোগৰ ছুপাৰষ্টাৰ। কিন্তু তেওঁৰ প্ৰকৃত নাম উচ্চাৰণ কৰিলে আজিও চলচ্ছিত্ৰপ্ৰেমীয়ে চিনি নাপায় ৷ মানুহে তেওঁক ‘ছিল্ক স্মিতা’ নামেৰেহে  চিনি পায়। ২ ডিচেম্বৰ তেওঁৰ জন্মদিন। এই তাৰকা গৰাকীৰ জীৱনভিত্তিক নির্মাণ কৰা হৈছে ডার্টি পিকচাৰ ৷ য’ত সাৱলীল অভিনয় কৰিছে বিদ্যা বালানক ৷ কিন্তু আপুনি জানেনে চিল্ক স্মিতাৰ জীৱনৰ প্ৰকৃত কাহিনী ৷ বিজয়লক্ষ্মী বদলাপতি কেনেদৰে পৰিচিত হৈ পৰিল ছিল্ক স্মিতা হিচাপে ৷

ছিল্ক স্মিতাই ১৭ বছৰীয়া অভিনয় জীৱনত ৫০০ৰো অধিক ছবিত অভিনয় কৰিছিল। তেওঁ তেলেগু, তামিল, মালয়ালম, কানাড়া ভাষাৰ উপৰি হিন্দী ছবিতো অভিনয় কৰিছিল। আশীৰ দশকত তেওঁ দক্ষিণৰ বিখ্যাত অভিনেতাৰ সৈতে সমানে প্ৰতিদ্বন্দিতা কৰিবলৈ সক্ষম হৈছিল ৷ ছিল্ক স্মিতাৰ অগণন অনুৰাগী আছিল। কিন্তু অনুৰাগীৰ বেছিভাগেই আছিল পুৰুষ। অভিনয় দক্ষতাৰ জৰিয়তে নহয়, অভিনেত্ৰীগৰাকীৰ  আৱেদনময়ী শৰীৰৰ বাবেহে চর্চা লাভ কৰিছিল ৷

 

ছবি সমালোচকসকলে  দাবী কৰি আহিছে যে  যদি ছিল্ক স্মিতাৰ ‘আইটেম ছং’ এটা অন্তৰ্ভুক্ত হয়, তেন্তে ছবিখনে ভাল ব্যৱসায় কৰাটো নিশ্চিত ৷ যাৰ বাবে  ছবি হিট কৰিবলৈ অভিনয়ৰ প্ৰস্তাৱ  লৈ ছিল্ক স্মিতাৰ ওচৰলৈ গৈছিল নির্মাতাসকল ৷দূৰৰ পৰা ছিল্ক স্মিতাৰ জীৱনটো গ্লেমাৰাছ যেন অনুভৱ হয় যদিও  ব্যক্তিগত জীৱনটো আছিল একেবাৰে বিপৰীত। ১৯৬০ চনৰ ২ ডিচেম্বৰত অন্ধ্ৰ প্ৰদেশৰ এলোৰুৰ তেলেগু পৰিয়ালত জন্মগ্ৰহণ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। কিন্তু তেওঁৰ পৰিয়ালৰ আৰ্থিক অৱস্থা বৰ ভাল নাছিল। ইয়াৰ বাবেই ছিল্ক স্মিতাই স্কুলৰ শিক্ষাও গ্ৰহণ কৰিব পৰা নাছিল। চতুৰ্থ শ্ৰেণীলৈকে পঢ়া-শুনা কৰি শিক্ষাৰ অন্ত পেলায়।

সৰুৰে পৰা দেখিবলৈ ছিল্ক আছিল অতি সুন্দৰী। তেওঁৰ শৰীৰৰ আকৰ্ষণীয় গঠনৰ বাবেই সকলোৰে চকুত পৰিছিল ছিল্ক ৷যাৰ বাবে স্মিতাৰ মাক-দেউতাকে ঘৰৰ পৰা ওলাই যাবলৈ দিয়া নাছিল ছিল্কক ৷ ছিল্কৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ ১৪ বছৰ বয়সতে  দুখীয়া পিতৃ-মাতৃয়ে তেওঁৰ  বিয়া পাতি দিছিল ৷  কিন্তু বিয়াৰ পিছত তেওঁৰ জীৱনটো অধিক দুৰ্বিষহ হৈ পৰিল। স্মিতাক স্বামী আৰু শহুৰেকে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে ৷এই অত্যাচাৰ সহ্য কৰিব নোৱাৰি ছিল্কে  শহুৰেকৰ ঘৰ এৰি চেন্নাইলৈ পলায়ন কৰে। চেন্নাইলৈ গৈ এগৰাকী অভিনেত্ৰী ঘৰত বনকৰা মহিলা হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে ৷ ছিল্কে  অভিনেত্ৰীগৰাকীক মেক আপ কৰাত সহায় কৰিছিল।

এদিন এজন পৰিচালকে ছিল্কে কাম কৰা  অভিনেত্ৰীগৰাকীৰ ঘৰত লগ কৰিবলৈ আহিছিল। ঘৰৰ বাহিৰত পৰিচালকৰ গাড়ীখন ৰখাই থোৱা আছিল। পৰিচালকগৰাকীয়ে ছিল্কলৈ বাৰে বাৰে চাবলৈ আৰম্ভ কৰিছিল ৷ এই কথাতে অভিনেত্ৰী গৰাকীয়ে ছিল্কক  ঠাট্টা-মস্কৰা কৰিছিল ৷ তেতিয়াৰ পৰাই ছিল্কে  নিজৰ দক্ষতা প্ৰমাণ কৰিবলৈ একপ্ৰকাএ সংকল্প গ্ৰহণ কৰে ৷ ছিল্কে ছবিত অভিনয়ৰ সুযোগ বিচাৰিবলৈ আৰম্ভ কৰিলে। কেৰিয়াৰৰ আৰম্ভণিতে স্মিতাই সৰু সৰু চৰিত্ৰত অভিনয় কৰিছিল।

এন্থনী ইষ্টমেনৰ পৰিচালিত মালয়ালম ছবি ইনায়ে থেদি ১৯৮১ চনত মুক্তি লাভ কৰিছিল।এই ছবিখনৰ মুখ্য চৰিত্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল স্মিতাই। ছবিখনৰ পৰিচালকে তেওঁৰ নাম বিজয়লক্ষ্মীৰ পৰা ছিল্ক স্মিতালৈ সলনি কৰে। ছিল্কৰ অভিনয়ত আপ্লুত হৈ পৰিল পৰিচালক বিনু চক্ৰৱৰ্তী। ছিল্কৰ ‘শিক্ষক’ হৈ পৰিল বিনু । বিনু আৰু তেওঁৰ পত্নীয়ে ছিল্কক কথা ক’বলৈ শিকাইছিল, ইণ্ডাষ্ট্ৰীত কেনেকৈ আগবাঢ়িব লাগে সেই বিষয়ে পথ প্ৰদর্শন কৰে ৷

স্মিতাই তেওঁলোকৰ পৰিয়ালত থাকি সাৱলীল ইংৰাজী ক’বলৈ শিকিলে। তেওঁলোকৰ পৰা তেওঁ নৃত্য শিকিছিল। দুৰ্গম গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ পৰা অহা ছিল্কে ৰ শৰীৰৰ ভাষাও ক্ৰমান্বয়ে সলনি হৈ গ’ল।

 

ছিল্কে  প্ৰথমে ‘ইনায়ে থেদি’ ছবিত অভিনয় কৰিছিল যদিও ছবিখনৰ মুক্তিত পলম হৈছিল। তাৰ আগতে ‘বন্দিচক্কাৰম’ নামৰ এখন তামিল চিনেমা মুক্তি পাইছিল। ছিল্কেও এই ছবিখনত অভিনয় কৰিছিল। ‘বাৰ গাৰ্ল’ৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল তেওঁক। চৰিত্ৰটোৰ নাম আছিল ‘ছিল্ক’। ছবিখন মুক্তি পোৱাৰ পিছত এই চৰিত্ৰটো দৰ্শকৰ মাজত ইমানেই জনপ্ৰিয় হৈ পৰিছিল যে স্মিতা চৰিত্ৰটোৰ নামেৰে পৰিচিত হৈছিল। মানুহে তাইক স্মিতা বুলি নহয়, ‘চিল্ক স্মিতা’ বুলি চিনি পাবলৈ আৰম্ভ কৰিলে ৷ইখনৰ পিছত সিখন হিট ছবিত অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল ছিল্ক স্মিতা। চিনেমাৰ শ্বুটিং আৰম্ভ হোৱাৰ আগতেই তেওঁ চেটত উপস্থিত হৈছিল। যদিও তেওঁৰ বহু সংখ্যক অনুৰাগী আছিল, তথাপিও তেওঁৰ জীৱনত বন্ধু কম আছিল।

ছিল্ক আছিল অতি খঙাল স্বভাৱৰ ৷ প্ৰতিটো কথাত তেওঁ  খং কৰিছিল।  তেওঁৰ মুখত সদায় কঠোৰ শব্দ শুনা গৈছিল । কিন্তু তেওঁৰ হৃদয়খন শিশুৰ দৰে কোমল আছিল। তেওঁ খুব কম কথা কৈছিল। কেৰিয়াৰৰ শিখৰত উপনীত হোৱাৰ সময়ত ৰহস্যজনকভাৱে মৃত্যু হয় ছিল্কে স্মিতাৰ। ১৯৯৬ চনৰ ২৩ ছেপ্টেম্বৰত চেন্নাইৰ ঘৰৰ পৰা উদ্ধাৰ হয় অভিনেত্ৰীগৰাকীৰ  মৃতদেহ।

মৃত্যুৰ পূৰ্বে স্মিতাই ঘনিষ্ঠ বান্ধৱী অনুৰাধাক ফোন কৰিছিল। তেওঁ অনুৰাধাক কয় যে তেওঁ কিবা এটা কথাত অশান্তি পাইছে। বান্ধৱীগৰাকীয়ে তেওঁৰ ঘৰত লগ কৰিবলৈ আহে যদিও  তেতিয়ালৈকে স্মিতাৰ মৃত্যু হৈছিল ।

মৰণোত্তৰ পৰীক্ষাৰ সময়ত স্মিতাৰ শৰীৰত প্ৰচুৰ পৰিমাণে সুৰাৰ উপস্থিত থকা বুলি জানিব পৰা গৈছিল। আৰক্ষীয়ে জনোৱা মতে, অভিনেত্ৰীগৰাকীয়ে আত্মহত্যা কৰিছে। ঘৰটোত এখন ছুইচাইড নোটও উদ্ধাৰ কৰা হৈছে। কিন্তু বহুতে এই তত্ত্ব মানি ল’ব বিচৰা নাছিল। তেওঁলোকৰ মতে স্মিতাক হত্যা কৰা হৈছিল। আজিও অভিনেত্ৰীগৰাকীৰ মৃত্যু ৰহস্য হৈয়েই থাকিল ৷

২০১১ চনত স্মিতাৰ জন্মদিন উপলক্ষে মুক্তি লাভ কৰিছিল ‘দ্য ডাৰ্টী পিকচাৰ’ ছবিখন। ছবিখনৰ প্ৰডাকচনৰ দায়িত্বত আছিল একতা কাপুৰ। তেওঁ জনাইছিল যে এই ছবিখন ছিল্ক স্মিতাৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মিত। ছিল্কে  স্মিতাৰ চৰিত্ৰত অভিনয় কৰিছিল বিদ্যা বালানে। কিন্তু স্মিতাৰ পৰিয়ালৰ লোকে অভিযোগ কৰিলে।

স্মিতাৰ ভায়েকে অভিযোগ কৰিছিল যে এই ছবিখন তেওঁলোকৰ অনুমতি অবিহনে বনোৱা হৈছে। পৰিয়ালৰ সকলোৱে ইয়াক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল ৷ পিছত অৱশ্যে একতাই এক সাক্ষাৎকাৰত কয় যে তেওঁ ছিল্ক স্মিতাৰ জীৱনৰ ওপৰত এই ছবিখন নিৰ্মাণ কৰা নাই।

২০১৩ চনত ‘ডাৰ্টি পিকচাৰ: ছিল্ক সক্কাট মাগা’ শীৰ্ষক কানাড়া ছবি এখন মুক্তি লাভ কৰে। পাকিস্তানী অভিনেত্ৰী বীনা মালিকক ছিল্ক স্মিতাৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল।সেই বছৰতে মুক্তি পালে ‘ক্লাইমেক্স’ নামৰ এখন মালয়ালম ছবি। এই ছবিখনত ছানা খানে ছিল্ক স্মিতাৰ চৰিত্ৰত অভিনয় কৰিছিল।

Previous Post

পিন্ধে ৭.৫ কোটি টকাৰ সোণ, গাড়ী-মোবাইল সকলোতে লগাই লৈছে স্বর্ণঃকোন এই দুই বন্ধু ??

Next Post

দুৰ্ঘটনাৰ পিছত হাস্পতালৰ পৰা সামাজিক মাধ্যমত জুবিন নৌতিয়ালৰ প্ৰথমখন ছবি

Related Posts

বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা
মনোৰঞ্জন

বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

September 30, 2023
হেৰী পটাৰৰ  নিখ্যাত চৰিত্ৰ “ডাম্বলড’ৰ” আৰু নাই, ৮২ বছৰ বয়সত  মাইকেল গাম্বনৰ মৃত্যু
মনোৰঞ্জন

হেৰী পটাৰৰ নিখ্যাত চৰিত্ৰ “ডাম্বলড’ৰ” আৰু নাই, ৮২ বছৰ বয়সত মাইকেল গাম্বনৰ মৃত্যু

September 29, 2023
‘দ্য কেৰালা ষ্ট’ৰী’ নহয়, কিন্তু কেৰালাৰ আন এক কাহিনীৰ আধাৰত নিৰ্মিত ছবিয়ে অস্কাৰৰ দৌৰত স্থান লাভ
মনোৰঞ্জন

‘দ্য কেৰালা ষ্ট’ৰী’ নহয়, কিন্তু কেৰালাৰ আন এক কাহিনীৰ আধাৰত নিৰ্মিত ছবিয়ে অস্কাৰৰ দৌৰত স্থান লাভ

September 27, 2023
কিংবদন্তী অভিনেত্ৰী ৱাহিদা ৰহমানলৈ দাদা চাহেব ফাল্কে বটাঁ ঘোষণা
মনোৰঞ্জন

কিংবদন্তী অভিনেত্ৰী ৱাহিদা ৰহমানলৈ দাদা চাহেব ফাল্কে বটাঁ ঘোষণা

September 26, 2023
ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড
মনোৰঞ্জন

ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড

September 22, 2023
দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা
মনোৰঞ্জন

দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা

September 15, 2023
Next Post
দুৰ্ঘটনাৰ পিছত  হাস্পতালৰ পৰা সামাজিক মাধ্যমত জুবিন নৌতিয়ালৰ প্ৰথমখন  ছবি

দুৰ্ঘটনাৰ পিছত হাস্পতালৰ পৰা সামাজিক মাধ্যমত জুবিন নৌতিয়ালৰ প্ৰথমখন ছবি

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7