এতিয়াৰে পৰা মহাকাশত আপুনি সময় কটাব পাৰিব। পৰিয়ালৰ সৈতে কিছু মুহূৰ্ত উদযাপন কৰিব পাৰিব।
এই অসম্ভৱ সম্ভৱ কৰিবলৈ আগবাঢ়ি আহিছে আমাজনৰ স্বতাধিকাৰ জেফ বেজ’ছৰ। বেজ’ফৰৰ মহাকাশ পৰ্যটন কোম্পানী ব্লু অৰিজিনে বাণিজ্যিক মহাকাশ আস্থান প্ৰতিষ্ঠান কৰিব বুলি ঘোষণা কৰে। চলিত দশকৰ শেষৰ ফালে এই মহাকাশ আস্থান সম্পূৰ্ণ হৈ উঠিব বুলি জানিবলৈ দিয়ে।
মহাকাশ বাণিজ্যিক আস্থানটোৰ নাম হৈছে অৰ্বিটেল ৰীফ। অৰ্বিটেল ৰীফ এসময়ত মহাকাশ পাৰ্ক হিচাপে পৰিচিত হ’ব বুলি প্ৰতিষ্ঠানটোৱে দাবী কৰিছে।
৩২০০০ বৰ্গফুটৰ নিৰ্মাণ হ’বলগীয়া এই আস্থানত একেলগে ১০ জন লোক উপস্থিত থাকিব পাৰিব। ভৱিষ্যতে এই আস্থানত চিনেমাৰ দৃশ্যগ্ৰহণ কৰিব পাৰিব বুলিও উল্লেখ কৰে।
অলপতে ৰাছিয়ান চলচ্চিত্ৰকাৰ ক্লিম শ্বিপেনক’ৱে মহাকাশত দ্য চেলেঞ্জ শীৰ্ষক ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছিল। অনাগত সময়ত এই সুবিধা হয়তো বহুতো লোকে গ্ৰহণ কৰিবলৈ সক্ষম হ’ব।
বৰ্তমান ভাৰতেও হিউমেন স্পেচ ট্যুৰৰ কথা চিন্তা চৰ্চা কৰিছে। ২০২২ বৰ্ষত পৃথিৱীৰ পৰা ৰাওনা হ’বলগীয়া গগণযানত চাৰিজন যাত্ৰীয়ে মহাকাশ ভ্ৰমণ কৰিব।