আজি ইংৰাজী ৪ জানুৱাৰী ২০২৩ তাৰিখে মায়ং আঞ্চলিক মহাবিদ্যালয়ত নেহেৰু যুৱ-কেন্দ্ৰ মৰিগাঁৱৰ উদ্যোগত আৰু মায়ং মহাবিদ্যালয়ৰ সহযোগত আৰু ৰজা মায়ং মিলন জ্যোতি সংঘৰ ব্যৱস্থাপনাত দিনযোৰা কাৰ্য্যসূচীৰে জি-২০ শীৰ্ষক যুৱ সংসদৰ লগতে জিলা পৰ্যায়ৰ প্ৰতিবেশী যুৱ সংসদ কাৰ্য্যসূচী অনুষ্ঠিত হয় ৷ কাৰ্যসূচীৰ অংশ হিচাপে ৪ টা শৈক্ষিক কাৰ্য্যসূচী , আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যক্ৰম আৰু জিজ্ঞাসা প্ৰতিযোগীতা অনুষ্ঠিত হয় ৷ ৰজা মায়ং মিলন জ্যোতি যুৱ সংঘৰ সংগীত শিল্পী সকলে বিশিষ্ট গীতিকাৰ তথা নৃত্যশিল্পী পদ্মেশ্বৰ নাথৰ দ্বাৰা ৰচিত আৰু পৰিচালিত “এই মায়ং আমাৰ মায়ং, তন্ত্ৰ- মন্ত্ৰৰ দেশ মায়াবী মায়াং ” শীৰ্ষক সমবেত গীতেৰে সভাঘৰ মুখৰিত কৰি তোলে ৷
নেহেৰু যুৱ-কেন্দ্ৰৰ মৰিগাঁও জিলা যুৱ বিষয়া বিকাশ চন্দ্ৰ প্ৰধানে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে জি২০ আৰু ৱাই ২০ কাৰ্য্যসূচীৰ বিশদ ব্যাখ্যা আগবঢ়াই ৷ সমল ব্যক্তি হিচাপে মায়ং মহাবিদ্যালয়ৰ ৰাজনৈতিক বিভাগৰ মুৰব্বী অধ্যাপক ড° গুণেশ্বৰ ডেকাই যুৱ শক্তি গণতন্ত্ৰ আৰু চৰকাৰৰ চালিকা শক্তি শীৰ্ষক বিষয়বস্তুৰ ওপৰত সাৱলীল বক্তব্য আগবঢ়াই। ড° উৎপল নাথে দেশৰ যুৱশক্তিৰ দক্ষতা উন্নয়ণৰ সমস্যা আৰু প্ৰত্যাহ্বান বিষয়বস্তু সম্পৰ্কে অতি আকৰ্ষণীয় বক্তব্যৰে উপস্থিত সকলোকে আপ্লুত কৰে ৷
মুখ্য অতিথিৰ ভাসনত মায়ং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মহানন্দ বৰাই অনুষ্ঠানত উপস্থিত থাকি বিষয়বস্তুৰ ওপৰত মনোগ্ৰাহী বক্তৃতা প্ৰদান কৰে ৷
নেহেৰু যুৱ কেন্দ্ৰৰ গাণনিক আৰু কাৰ্য্যসূচী বিষয়া ধনঞ্জয় তালুকদাৰে সঞ্চালনা কৰা যুৱ সংসদ কাৰ্য্যসূচীত মায়ং মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ড° ৰবীন কলিতা , সমাজ সংগঠক দিলীপ নাথ , সংবাদসেৱী নজৰুল ইছলামৰ লগতে মায়ং মহাবিদ্যালয়ৰ চাৰি শতাধিক ছাত্ৰ-ছাত্ৰী আৰু বৃহত্তৰ মায়ং অঞ্চলৰ স্বেচ্ছাসেৱী অনুষ্ঠানসমূহৰ শতাধিক বিষয়ববীয়াই অংশ গ্ৰহণ কৰা অনুষ্ঠানৰ শেষত মনোমোহা সাংস্কৃতিক অনুষ্ঠান আৰু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বক্তিতা প্ৰতিযোগীতা আৰু তৰ্ক প্ৰতিযোগীতা অনুষ্ঠিত হয়।