কৰ্ণাটকত ধৰা পৰিছে জিকা ভাইৰাছৰ সংক্ৰমণ ৷ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কে সুধাকৰে প্ৰকাশ কৰা অনুসৰি ৰাইচুড জিলাৰ এটি পাঁচ বছৰীয়া কিশোৰীৰ শৰীৰত এই ভাইৰাছ পোৱা গৈছে। তেওঁ কয়, ‘ৰাজ্যত এইটোৱেই প্ৰথম জিকা ভাইৰাছ সংক্ৰমণৰ ঘটনা ৷ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে চৰকাৰে। পৰিস্থিতি চম্ভালিবলৈ স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু।”
স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, যোৱা ৫ ডিচেম্বৰত শিশুটিৰ তেজৰ নমুনা পুনেৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। তিনিটা নমুনা প্ৰেৰণ কৰা হয়। ইয়াৰে দুটা নিগেটিভ আৰু এজন পজিটিভ পোৱা গৈছে। ৮ ডিচেম্বৰত স্বাস্থ্য বিভাগে এই প্ৰতিবেদন লাভ কৰিছিল। এই ভাইৰাছৰ সৈতে জড়িত গাইডলাইনো শীঘ্ৰে জাৰি কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয়। কিন্তু এই ভাইৰাছক লৈ আতংক বা চিন্তাৰ কোনো কাৰণ নাই বুলিও তেওঁ আশ্বাস দিয়ে।
ইয়াৰ পূৰ্বে কেৰালা, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশত জিকা ভাইৰাছ ধৰা পৰিছিল। অৱশ্যে এইবাৰ প্ৰথমবাৰৰ বাবে কৰ্ণাটকত এই ভাইৰাছৰ সংক্ৰমণ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁৰ ভাষাত, “ৰাজ্যত চিকুণগুনিয়া আৰু ডেংগু পৰীক্ষা চলি আছিল। এই নমুনাসমূহ পুনে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হয়। তেতিয়াই জিকা ভাইৰাছৰ সংক্ৰমণ পোহৰলৈ আহে।” সতৰ্কতা বৃদ্ধিৰ উপৰি প্রতিখন জিলা প্রশাসনক প্রয়োজনীয় পদক্ষেপ ল’বলৈ নির্দেশ দিয়া হৈছে৷ মন্ত্ৰী সুধাকৰে পৰামৰ্শ দিয়ে যে যদি সংক্ৰমণক লৈ কোনো সন্দেহ হয় তেন্তে সংশ্লিষ্ট ব্যক্তিজনক চিকিৎসালয়ত ভৰ্তি কৰাব লাগে। লগতে জিকা ভাইৰাছ ধৰা পৰা শিশুটিৰ বহিঃৰাজ্য ভ্ৰমণৰ কোনো বৃত্তান্ত নাই বুলিও তেওঁ কয়।