হৃত্বিক ৰোশনে সোনকালেই তেওঁৰ প্ৰেমিকা চাবা আজাদক বিয়া কৰাবলৈ পৰিকল্পনা কৰিছে বুলি বৰ্তমান সময়ত বলিউড জগতত এক কৌতূহলৰ উদ্ৰেক ঘটিছে ৷ হৃত্বিক ৰোশন আৰু চাবা আজাদ দুয়ো বৰ্তমান সময়ত বলীউড জগতৰ দুই মূল্যবান সম্পদ। যেতিয়াৰ পৰা দুয়োকে মুম্বাইৰ এখন ভোজনালয়ৰ বাহিৰত হাতত হাত থোৱা অৱস্থাত দেখা পোৱা গৈছিল তেতিয়াৰ পৰাই বহু উৰাবাতৰিয়ে তেওঁলোকৰ গোপন বন্ধুত্বৰ লগ এৰা নাছিল ৷ তেওঁলোকৰ সম্পৰ্ক বৰ্তমান হৈ পৰিছে এক চৰ্চাৰ বিষয় ৷
বিভিন্ন উৰা বাতৰিয়ে দুয়োৰ লগ নেৰা হৈছে আৰু বিভিন্ন জনে এই ক্ষেত্ৰত বিভিন্ন মত আগবঢ়াইছে ৷ কিন্তু শেহতীয়াকৈ তেওঁলোকৰ এজন ঘণিষ্ঠ বন্ধুৱে জনাইছে যে ‘আমি চাবাক হৃত্বিকৰ পৰিয়ালৰ সৈতে সময় কটোৱা দেখিছোঁ, হৃত্বিকৰ ঘৰৰ পৰা তেওঁলৈ আহাৰ পঠোৱা হৈছে আৰু আনকি চাবা আৰু হৃত্বিকৰ প্ৰাক্তন পত্নী চুচান খানক ভাল বান্ধৱীৰ দৰে কথা পতা দেখিছো। সঘনাই পৰিয়ালৰ ভ্ৰমণ হৃত্বিক ৰোশন আৰু চাবা আজাদৰ বাবে বিবাহৰ ঘণ্টা নেকি?’
দুয়োৰে ঘণিষ্ঠ বন্ধুৰ পৰা এনে মন্তব্য শুনাৰ পিছত এইবাৰ দুয়োৰে অনুৰাগী সকলো নিশ্চিত হৈ পৰিছে আৰু ভাবিবলৈ বাধ্য হৈছে যে এইবাৰ সঁচাকৈয়ে বিবাহ পাশত আবদ্ধ হ’ব বলিউডৰ বৰ্তমানৰ এক আকৰ্ষণীয় যুটি হৃতিক ৰৌশন আৰু চাবা আজাদ ৷