বিজেপিয়ে ২০১৪ চনত কেন্দ্ৰৰ শাসন দখল কৰা, ৰাষ্ট্ৰীয় ৰাজনীতিত নৰেন্দ্ৰ মোদীৰ প্ৰৱেশ তথা প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ- এই তিনিওটা কামৰ আৰম্ভণিৰ লগে লগে কংগ্ৰেছ মুক্ত ভাৰত অভিযান আৰম্ভ হৈছে। বিজেপিৰ ছ’চিয়েল মিডিয়া গোটৰ ৰূপত প্ৰচাৰ আৰু প্ৰসাৰ বিভাগে নেৰানেপেৰা প্ৰচেষ্টাৰে কংগ্ৰেছৰ পূৰ্বৰ শাসকক বদনাম কৰি তথা পৰিয়াল কেন্দ্ৰীক ৰাজনীতিৰ ফোঁপোলা স্বৰূপ দেশবাসীৰ আগত সম্পূৰ্ণৰূপে উদঙাই দি(?) আৰু বিশেষত বিগত ৭০ বছৰত দেশত একো এটা নোহোৱাৰ উদাহৰণ দি যিধৰণে ৰাজনৈতিক কেম্পেইন কৰি আহিছে তাৰ ফলশ্ৰুতিত দেশ সম্পূৰ্ণৰূপে কংগ্ৰেছ মুক্ত হোৱাৰ দিশত আগবাঢ়িছে। লোকসভাত সংখালঘিষ্ঠ কৰি তোলা বা ৰাজ্যৰ বিধানসভাবোৰত ক্ৰমাণ্বয়ে কংগ্ৰেছক শূণ্য কৰাৰ (বিভিন্ন পন্থা অৱলম্বন কৰি যেনে নেতাৰ শক্তিশালী কংগ্ৰেছী নেতাক গেৰুৱা সাজ পিন্ধাই) পদক্ষেপে সফলতা পাবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত কংগ্ৰেছ দলৰ পৰিয়ালকেন্দ্ৰীক নেতৃত্ব নিজেই দায়ী।
শেহতীয়াকৈ কংগ্ৰেছ ৱৰ্কি কমিটিৰ মন্থন হৈছিল। দিল্লীত অনুষ্ঠিত এই দীঘলীয়া দিনজোৰা মন্থনৰ উদ্দেশ্য আছিল কেৱল সংবাদ শিৰোনাম দখল কৰাৰ এক প্ৰচেষ্টা। একেই কথা আৰু একেই ষ্টাইলত অনুষ্ঠিত বৈঠকৰ অন্তত কি ৰণনীতি তেওঁলোকে গ্ৰহণ কৰিছে সেয়া ফাদিল হোৱা নাই কিন্তু পৰম্পৰা ৰক্ষা কৰি ছ’নিয়া গান্ধীয়ে সভানেত্ৰীৰ আসনখন খামোচ মাৰি ধৰি থাকিল। কংগ্ৰেছ ৱৰ্কি কমিটি চমুকৈ চিডাব্লিউচি হৈছে কংগ্ৰেছৰ আড়ম্বৰপূৰ্ণ এক অনুষ্ঠান। এই কাৰ্যসূচীত কংগ্ৰেছৰ নেতাসকল একগোট হৈ শেষত গান্ধী পৰিয়ালৰ এজন সদস্য়ক সবৰ্সন্মতিক্ৰমে সভাপতি পাতি সভা শেষ কৰা হয়। অলপতে হৈ হোৱা পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনী ফলাফলত ক’তো উল্লেখযোগ্য সফলতা নোপোৱা কংগ্ৰেছ দলটোৱে এই চিডাব্লিউচি বৈঠকত আগন্তুক কাৰ্যক্ৰমণিকা তৈয়াৰ কৰাৰ বাতৰি পোৱা গৈছে। অৱশ্যে মাতৃ ছ’নিয়াই সভাপতি হৈ থকাৰ বিপৰীতে দলৰ একাংশই অন্য নেতাৰ নাম নোলোৱাকৈ কেৱল ছ’নিয়াৰ পুত্ৰ ৰাহুল গান্ধীক সভাপতি পদৰ বাবে প্ৰক্ষেপ কৰিবলৈ আহ্বান বা দাবী জনাইছে।
কংগ্ৰেছ দলৰ কথাই সুকীয়া হৈ পৰিছে, যিসময়ত বিজেপি দলটোৱে কংগ্ৰেছ মুক্ত ভাৰতৰ বাবে কংগ্ৰেছৰ পৰিয়ালবাদক টাৰ্গেট কৰি লৈছে তেনে সময়ত কংগ্ৰেছ দলটোৱেও জানি বুজি কেৱল পৰিয়ালবাদকহে খামোচ মাৰি ধৰি আছে। পৰিস্থিতি প্ৰত্যক্ষ কৰি এনে অলীক কল্পনা এটা আহিছে যেন বিজেপিৰ নিৰ্দেশনা শুনিহে কংগ্ৰেছ দলটোৱে কাম কৰি আছে আৰু ভোটৰ ৰাজনীতিত সফলতাৰ বাবে কংগ্ৰেছে বিজেপিক সহায় কৰি আছে। বিজেপিৰ ৰণনীতিৰ সম্মুখত দিশহাৰা হৈ পৰা কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ অধিকাংশ যোৱা পাছত এতিয়া ৰৈ থকা একাংশও লাহে লাহে বিজেপিমুখী হোৱাৰ বাবে মন বান্ধিবলৈ আৰম্ভ কৰিছে। কংগ্ৰেছ সভাপতিৰ অদূৰদৰ্শিতাৰ অভাৱত এতিয়া কংগ্ৰেছমুক্ত ভাৰত যেন সঁচা হোৱাৰ দিশত আগবঢ়িছে। অৱশ্যে ৰাজনীতিত কিন্তু এটা সদায় থাকে! কোনো আদৰ্শ, কোনো কথা বা কোনো নেতাই ইয়াত চিৰস্থায়ী নহয়। গতিকে আমি কেৱল দল বা ৰাজনীতিকৰ নীতি আৰু কামৰ পৰ্যৱেক্ষক।