আন্তৰ্জাতিক বেডমিণ্টন ৰেংকিঙৰ প্ৰথম স্থান লাভ কৰা প্ৰথম ভাৰতীয় মহিলা খেলুৱৈ হ’ল ছাইনা নেহৱাল। ছাইনা নেহৱাল বিশ্ব জুনিয়ৰ বেডমিণ্টন শ্বিপতো খিতাপ লাভ কৰা প্ৰথম ভাৰতীয় মহিলা।
১৯৯০ চনৰ ১৭ মাৰ্চ তাৰিখে হাৰিয়ানাৰ হিচাৰ জিলাৰ এটা সম্ভ্ৰান্ত পৰিয়ালত ছাইনা নেহৱালে জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ দেউতাকৰ নাম হৰভিৰ সিং নেহৱাল আৰু মাকৰ নাম আছিল ঊষা নেহৱাল। ছাইনা নেহৱালে নিজৰ জন্ম জিলাতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল । দেউতাক Oil Seads Research কেন্দ্ৰৰ এজন বিজ্ঞানী আছিল । দেউতাক হায়দৰাবাদলৈ বদলি হোৱাত তাতে ছাইনা নেহৱালে কলেজীয়া শিক্ষা গ্ৰহণ কৰে।
ছাইনা নেহৱালে কেইবাজনো সুদক্ষ প্ৰশিক্ষকৰ অধীনত বেডমিণ্টন খেলৰ প্ৰশিক্ষণ লৈছিল। বেডমিণ্টন খেলৰ প্ৰতি সদিচ্ছা থকা বাবে অতি কম দিনৰ ভিতৰতে তেওঁ নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে। প্ৰথমতে ৰাষ্ট্ৰীয় পৰ্যায়ত জুনিয়ৰ চেম্পিয়নশ্বিপত খেলি পিছত তেওঁ আন্তৰ্জাতিক পৰ্যায়ৰ খেলা আৰম্ভ কৰে।
আন্তৰ্জাতিক পৰ্যায়ত ২০০৩ চনত জুনিয়ৰ জেক অপেন খেলিয়েই বেডমিণ্টন কেৰিয়াৰ আৰম্ভ কৰে।২০০৪ চনত কমনৱেলথ যুৱ খেলত দ্বিতীয় স্থান আৰু ২০০৫ , ২০০৬ চনত এছিয়ান চেটেলাইট বেডমিণ্টন টুৰ্ণামেণ্টত প্ৰথম স্থান লাভ কৰিছিল।
২০০৮ চনত বিশ্ব জুনিয়ৰ ছেম্পিয়নশ্বিপত জয় লাভ কৰিছিল। বিশ্ব জুনিয়ৰ ছেম্পিয়নশ্বিপ লাভ কৰা তেওঁৱেই প্ৰথম ভাৰতীয় মহিলা। এই বছৰতে তেওঁ কেইবাখনো আন্তৰ্জাতিক খেলত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।
২০১২ চনত লণ্ডনত অনুষ্ঠিত অলিম্পিক খেলত ব্ৰঞ্জৰ পদক লাভ কৰি অলিম্পিক খেলত পুৰস্কাৰ লাভ কৰা প্ৰথম ভাৰতীয় মহিলা হিচাপে অভিলেখ স্থাপন কৰে।
২০১৫ চনটো ছাইনা নেহৱালৰ কাৰণে অতি গৌৰৱৰ বছৰ। Denmark Open Super Serices Premier Trophy -ত অংশ গ্ৰহণ কৰি বিশ্বৰ ভিতৰতে প্ৰথম স্থান দখল কৰি অভিলেখ স্থাপন কৰে।
২০১০ চনত পদ্মশ্ৰী আৰু ৰাজীৱ গান্ধী খেলৰত্ন বঁটা বিজয়ী ছাইনা নেহৱালৰ আজি জন্মদিন। তেওঁ সুস্থ শৰীৰে থাকি ভাৰতবাসীক আকৌ গৌৰাৱান্বিত কৰিব পাৰিব বুলি আশা ৰাখি জন্মদিনত শুভকামনা জনাইছোঁ ।