দর্শনীয় কেৰিয়াৰেৰে ক্ৰিকেটৰ ক্ষেত্ৰখনত সুখ্যাতি অর্জন কৰা প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙে এইবাৰ ভৰি দিব ৰাজনীতিত ৷ আম আদমি পার্টী(আপ)ৰ জৰিয়তে ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিব হৰভজন সিঙে ৷ আপৰ টিকটত ৰাজ্যসভাৰ নির্বাচন খেলিব ক্ৰিকেটাৰে গৰাকীয়ে ৷ প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙৰ উপৰি আইআইটিৰ অধ্যাপক সন্দীপ পাঠক, শিক্ষাবিদ অশোক কুমাৰ মিট্টাল আৰু দিল্লীৰ বিধায়ক ৰাঘৱ চাদ্ধাক ৰাজ্যসভালৈ আম আদমী পাৰ্টিয়ে মনোনীত কৰিছে ৷ শেহতীয়াকৈ বিধানসভা নিৰ্বাচনত এক বিশাল বিজয় লাভ কৰাৰ পাছতে ৰাজ্যসভাৰ নির্বাচনক লৈ তৎপৰ হৈ পৰিছে আপ ৷ অহা ৯ এপ্ৰিলত ৰাজ্যসভাৰ পাঁচখন আসন খালী হ’ব ৷ অহা ৩১ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে আজি প্ৰার্থীৰ নাম দাখিল কৰিব লাগিব। আপে পঞ্জাৱৰ ১১৭ খন বিধানসভা আসনৰ ৯২ খনত জয়লাভ কৰিছে। আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ পিছত উচ্চ সদনত আপৰ শক্তি তিনিৰ পৰা আঠলৈ বৃদ্ধি হ’ব।
৪১ বছৰীয়া হৰভজন সিঙে নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী নৱজিৎ সিং সিদ্ধুক সাক্ষাৎ কৰিছিল ৷ যাৰ ফলত কংগ্ৰেছৰ তেওঁ যোগ দিব বুলি জল্পনা-কল্পনা বৃদ্ধি পাইছিল। কিন্তু প্ৰাক্তন ক্ৰিকেটাৰজনে সেয়া অস্বীকাৰ কৰিছিল।ইপিনে আইআইটি (ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী)ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক সন্দীপ পাঠকে পঞ্জাৱত আপৰ উত্থান আৰু বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা গৈছিল। তেওঁ আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আৰু ভগৱন্ত মানৰ ঘনিষ্ঠ হিচাপে পৰিচিত ৷ অধ্যাপক পাঠকে নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে তিনি বছৰ পঞ্জাৱত আছিল আৰু বুথ পৰ্যায়ত আপৰ সংগঠন গঢ়ি তুলিছিল।ৰাঘৱ চাদ্ধা আপৰ দিল্লী বিধায়ক। তেওঁ পঞ্জাৱত অত্যন্ত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল ৷ অশোক কুমাৰ মিট্টাল লাভলী প্ৰফেছনেল বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক ৷