ঘৰলৈ ঘূৰি আহিল ঘৰৰ চৰাই ৷ অসমৰ ৰাজ্যিক চৰাই ‘দেওহাঁহ’ ৷ গুৱাহাটীত বিলুপ্তপ্ৰায় এক প্ৰজাতিৰ দেওহাঁহৰ উপস্থিতিয়ে আনন্দিত কৰিছে প্ৰকৃতি প্ৰেমী সকলক ৷ এই ক্ষেত্ৰত চৰাই কেইটি সংৰক্ষণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই ৷ অসম ৰাজ্যিক চিৰিয়াখানা-তথা-ব’টানিকেল গাৰ্ডেনৰ ডি এফ অ’ অশ্বিনী কুমাৰৰ মতে, চেক গণৰাজ্যৰ প্ৰাগৰ ‘জলিন চিৰিয়াখানা’ৰ পৰা দেওবাৰে বিলুপ্তপ্ৰায় প্ৰজাতিৰ দুযোৰ দেওহাঁহ আহি গুৱাহাটী চিৰিয়াখানাত উপস্থিত হয়।
এই চৰাই কেইহাল বিশেষভাৱে চিৰিয়াখানাত ৰখাৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে ডি এফ অ’ অশ্বিনী কুমাৰে ।ডিএফঅ’ গৰাকীয়ে লগতে জনাইছে যে বিশ্বব্যাপী এতিয়া মাত্ৰ ৮০০ ৰ পৰা ১০০০ বগা ফুটুকীয়া দেও হাঁহহে জীয়াই আছে, যাৰ ভিতৰত প্ৰায় ৪৫০ টা ভাৰত, বাংলাদেশ আৰু ম্যানমাৰত বিয়পি আছে বুলি বিশ্বাস কৰা হয়। অসমত প্ৰজাতিটো নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু শেহতীয়াকৈ উন্নীত কৰা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। অৰুণাচল প্ৰদেশৰ নামদাফা ৰাষ্ট্ৰীয় উদ্যানতো কম সংখ্যক দেওহাঁহৰ উপস্থিতি আছে বুলি ধাৰণা কৰা হৈছে বুলি জনাইছে ডি এফ অ’ অশ্বিনী কুমাৰে ।