দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল কংগ্ৰেছৰ পুনৰ উত্থানৰ বাবে এক বিশেষ পৰিকল্পনাসহ ৰাজনৈতিক ৰণনীতিবিদ প্ৰশান্ত কিশোৰে দলটোত যোগদান কৰিব বুলি ব্যাপক চর্চালৈ আহিছে ৷ কেবল কংগ্ৰেছৰ পুনৰুজ্জীৱিতকৰণে নহয়, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ দলক পুনৰ শাসনৰ গাদীলৈ অনাৰ পৰিকল্পনা কৰিব প্ৰশান্ত কিশোৰে ৷
অহা বছৰ ৰাজ্যখনত অনুষ্ঠিত হ’ব লগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰে সাক্ষাৎ কৰিছে চন্দ্ৰশেখৰ ৰাওক ৷ জানিব পৰা মতে প্ৰশান্ত কিশোৰৰ ৰাজনৈতিক পৰামৰ্শদাতা প্ৰতিষ্ঠান আই-পেকৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ উল্লেখ্য যে বিজেপিৰ উপৰি জে ডি ইউ, তৃণমুল কংগ্ৰেছৰ দৰে ৰাজনৈতিক দলৰ সৈতেও কাম কৰিছিল প্ৰশান্ত কিসোৰৰ প্ৰতিষ্ঠানে ৷
ইপিনে, প্ৰশান্ত কিশোৰৰ যোগদানক লৈ ব্যাপক চর্চা আৰম্ভ হৈছে ৷ যোগদানৰ পূর্বে কংগ্ৰেছত কৰিবলগীয়া পৰিৱর্তনৰ বাবে তেওঁ বান্ধি দিয়া চর্ত মানি ল’বনে নাই সেয়াও হ’ব লক্ষণীয় ৷ ইতিমধ্যে প্ৰশান্ত কিশোৰৰ প্ৰস্তাৱ চালি জাৰি চোৱাৰ বাবে ছোনিয়া গান্ধীয়ে গঠন কৰি দিছে কমিটী ৷ শীঘ্ৰে এই সমগ্ৰ তথ্য স্পষ্ট হৈ পৰাৰ সম্ভাৱনা আছে ৷