ইৰফান খান আছিল ভাৰতীয় চলচ্চিত্ৰ ইতিহাসত দেশৰ এজন মহান ও জনপ্ৰিয় অভিনেতা ৷ কৰ্কট ৰোগৰ সৈতে দীৰ্ঘদিনীয়া যুঁজৰ পিছত তেওঁ ২০২০ চনৰ ২৯ এপ্ৰিল তাৰিখে মৃত্যুৰ ওচৰত হাৰ মানে অভিনেতা গৰাকীয়ে ৷ তেওঁৰ মৃত্যুত অনুৰাগীসকলে কেৱল মাত্ৰ যে এজন উৎসাহী অভিনেতাকহে হেৰুৱাইছিল এনে নহয়, বলীউড জগতৰ পৰা হঠাৎ নোহোৱা হৈ গৈছিল উজ্জ্বল চকুযুৰিৰ সৈতে সদায় দেখি থকা এখন উজ্জ্বল মুখ ।
কমেডি চলচ্চিত্ৰৰ পৰা থ্ৰিলাৰ ফ্লিকলৈকে, ইৰফান খানে বহুতো চলচ্চিত্ৰত কাম কৰিছে যিকেইবা দশক ধৰি অনুৰাগীৰ প্ৰিয় হৈ আহিছে আৰু তেওঁৰ চলচ্চিত্ৰৰ দৰেই, ইৰফান খানৰ কেইবাটাও সংলাপ বহু বছৰৰ পিছতো অনুৰাগীসকলৰ মাজত আজিও জনপ্ৰিয় হৈ আছে সেই সময়ৰ দৰেই।
২০১৮ চনৰ মাৰ্চত নিউৰোএণ্ডোক্ৰাইন টিউমাৰত আক্ৰান্ত হৈছিল ইৰফান খান আৰু লণ্ডনত চিকিৎসা গ্ৰহণ কৰিছিল। ২০২০ চনত এপ্ৰিলৰ শেষ সপ্তাহত মুম্বাইৰ কোকিলাবেন চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হৈছিল আৰু ২৯ এপ্ৰিলত মৃত্যু হৈছিল।