কানাডিয়ান টেনিছ খেলুৱৈ ডেনিছ শাপোভালভে সোমবাৰে লৰেঞ্জো চোনেগোৰ বিৰুদ্ধে তেওঁৰ ইটালিয়ান অপেন খেলৰ সময়ত সংযম হেৰুৱাই আম্পায়াৰৰ সৈতে তৰ্কত লিপ্ত হৈছিল আৰু জনতাক গালি-গালাজ কৰিছিল। অৱশ্যে ২৩ বছৰীয়া যুৱকজনে পিছত তেওঁৰ এই আচৰণৰ বাবে ক্ষমা বিচাৰিছিল।
তেওঁৰ এই খঙাল আচৰণৰ ভিডিঅ’ ইতিমধ্যেই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত তেওঁ আম্পায়াৰৰ সৈতে তৰ্ক কৰা দেখা গৈছে।
বলটোৱে নেট হপ কৰাৰ বাবে সৃষ্টি কৰা এটা পইণ্ট পেনাল্টিৰ বাবেই খং উঠিছিল (এটা লাইন কল)শ্বাপোভালভৰ। আম্পায়াৰ ৰিচাৰ্ড হাইৱে, শাপোভালভে কোড উলংঘন কৰা বুলি অভিযোগ কৰি কৈছিল যে তেওঁ “নেট পাৰ হ’ব নোৱাৰে”।
ইয়াৰ পিছতেই আম্পায়াৰ আৰু শাপোভালভৰ মাজত তৰ্ক আৰম্ভ হয় আৰু খেলুৱৈজনক উপহাস কৰা হয়, যাৰ ফলত তেওঁ দৰ্শককো গালি-গালাজ পৰা দেখা যায়।
ভিডিঅ’টো সোমবাৰে ডাবলফল্ট ২৮ ৰ দ্বাৰা টুইটাৰত শ্বেয়াৰ কৰা হৈছিল আৰু ই দুই মিলিয়নতকৈও অধিক দৰ্শক আৰু ৩,৫৯০ ৰো অধিক লাইক লাভ কৰিছিল।
আনহাতে খেলুৱৈগৰাকীৰ অনুৰাগী সকলেও সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া দৰ্শাবলৈ আৰম্ভ কৰিছিল ৷
“শাপোভালভ এজন বিস্ময়কৰ খেলুৱৈ আৰু সদায় অতি সন্মানীয়। মই নিশ্চিত যে সঁচাকৈয়ে কিবা বেয়া ঘটিছে যিয়ে এই প্ৰতিক্ৰিয়াটো আৰম্ভ কৰিছিল। গোটেই ছবিখন পোষ্ট কৰক , কেৱল তেওঁ ক’ত গালি দি আছে সেয়া নহয়,” তেওঁৰ এজন অনুৰাগীয়ে মন্তব্য কৰে।
“মই কানাডিয়ান আৰু যেতিয়া এজন ব্যক্তি নিজৰ বাবে থিয় হয় তেতিয়া মই লাজ নকৰোঁ।” আন এজনে লিখিছিল।
শাপোভালভে পিছত আম্পায়াৰৰ ওচৰত ক্ষমা বিচাৰিছিল আৰু স্বীকাৰ কৰিছিল যে নেট পাৰ হোৱাটো তেওঁৰ ফালৰ পৰা ভুল আছিল।উক্ত খেলখনত খেলুৱৈগৰাকীয়ে চোনেগোক ৭-৬ (৭/৫), ৩-৬, ৬-৩ ত পৰাস্ত কৰে।
ইটালিয়ান অপেন হৈছে ইটালীৰ ৰোমত অনুষ্ঠিত এক টেনিছ প্ৰতিযোগিতা। ইয়াক এসময়ত ইটালিয়ান আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ বুলি জনা গৈছিল। পুৰুষৰ প্ৰতিযোগিতাখন হৈছে এছ’চিয়েচন অফ টেনিছ প্ৰফেচনেলচ (এটিপি) ভ্ৰমণত এটা এটিপি ট্যুৰ মাষ্টাৰ্ছ ১০০০ইভেণ্ট, আনহাতে মহিলা প্ৰতিযোগিতাখন মহিলা টেনিছ এছ’চিয়েচন (ডব্লিউটিএ) ভ্ৰমণত ডব্লিউটিএ ১০০০ ইভেণ্ট।