প্ৰায় দুই কিলোমিটাৰ ব্যাসৰ এটা বিশাল গ্ৰহাণু তুলনামূলকভাৱে যি হ’ব বুৰ্জ খলিফাৰ আকাৰৰ প্ৰায় দুগুণ, এই সপ্তাহৰ শেষৰ ফালে পৃথিৱীৰ ওচৰ চাপিব। নাছাৰ চেণ্টাৰ ফৰ নিয়াৰ আৰ্থ অবজেক্ট ষ্টাডিজ (চিএনইঅ’এছ) অনুসৰি, বিশাল গ্ৰহাণুটোৰ ব্যাস প্ৰায় ১.৮কিলোমিটাৰ আৰু ই শুক্ৰবাৰে ২৭ মে’ (ভাৰতীয় সময়অনুসৰি সন্ধিয়া ৭.২৬ বজাত পৃথিৱীৰ কাষেৰে উৰা মাৰি থকাৰ সময়ত প্ৰায় ৪৭.২০০ মাইল প্ৰতি ঘণ্টা বা প্ৰায় ৭৬,০০০ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ আচৰিত গতিত ভ্ৰমণ কৰিব। ই আমাৰ পৃথিৱীৰ গতিপথত প্ৰায় ২.৫ নিযুত মাইল (৪ নিযুত কিমি) দূৰত্বৰে গতি কৰিব যি অৱশ্যেই এক সুৰক্ষিত দূৰত্ব ৷
সমগ্ৰ বিশ্বই মে’ মাহৰ শেষত গ্ৰহটোৰ কাষেৰে পাৰ হৈ যোৱা আটাইতকৈ ডাঙৰ গ্ৰহাণুবোৰৰ এটা দেখিবলৈ পাব। মহাকাশৰ গভীৰতাৰ পৰা গ্ৰহটোৰ ওচৰ চাপি আহিবলগীয়া এই বিৰাটাকায় ভয়ংকৰ গ্ৰহাণুটো প্ৰায় দুই কিলোমিটাৰ বহল বুলি জানিব পৰা গৈছে।