পৃথিৱীৰ বাহিৰত জীৱ আছেনে ? এই প্ৰশ্নৰ উত্তৰ আজিলৈ সঠিকভাৱে কোনো বিজ্ঞানীয়ে প্ৰদান কৰিব পৰা নাই ৷ কিন্তু বহিঃবিশ্বত বাস কৰা জীৱৰ সন্ধানত নানা অভিযান অব্যাহত ৰাখিছে আগশাৰীৰ মহাকাশ গৱেষণা সংস্থাসমূহে ৷ ইয়াৰ মাজতে পৃথিৱীৰ বাহিৰত বসবাস কৰা জীৱৰ সন্ধান লাভ কৰা বুলি দাবী কৰিছে চীনৰ বিজ্ঞানীসকলে ৷ চাইন্স এণ্ড টেকন’লজি ডেইলীৰ এক প্ৰতিবেদন অনুসৰি তেওঁলোকৰ বিশাল স্কাই আই টেলিস্কোপে পৃথিৱীৰ সিপাৰে জীৱৰ উপস্থিতি ধৰা পেলাইছে ৷
বিশ্বৰ সৰ্ববৃহৎ ৰেডিঅ’ টেলিস্কোপ স্কাই আইয়ে ধৰা পেলোৱা সংকীৰ্ণ বেণ্ডৰ ইলেক্ট্ৰ’মেগনেটিক সংকেতসমূহ পূৰ্বে ধৰা পৰা সংকেতসমূহৰ পৰা পৃথক বুলি সদৰী কৰিছে বিজ্ঞানীসকলে ৷ তদুপৰি ইয়াৰ ওপৰত অধিক অনুসন্ধান অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰিছে মুখ্য বিজ্ঞানী জাং টনজিৰ ৷
চীনৰ দক্ষিণ-পশ্চিম গুইঝৌ প্ৰদেশত অৱস্থিত আৰু ৫০০ মিটাৰ (১৬৪০ ফুট) ব্যাসৰ স্কাই আইয়ে ২০২০ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা আনুষ্ঠানিকভাৱে অপাৰ্থিৱ জীৱৰ সন্ধান আৰম্ভ কৰিছিল। প্ৰতিবেদন অনুসৰি দলটোৱে ২০২০ চনত সংগ্ৰহ কৰা তথ্য প্ৰক্ৰিয়াকৰণৰ সময়ত ২০২০ চনত দুটা সন্দেহজনক সংকেত ধৰা পেলাইছিল ৷ তদুপৰি ২০২২ চনত বহিঃগ্ৰহৰ লক্ষ্যৰ পৰ্যবেক্ষণ তথ্যৰ পৰা আন এটা সন্দেহজনক সংকেত পাইছিল বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
চীনৰ স্কাই আই লো ফ্ৰিকুৱেন্সি ৰেডিঅ’ বেণ্ডটোত অত্যন্ত সংবেদনশীল আৰু এলিয়েন সভ্যতাৰ সন্ধানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি বিজ্ঞানীসকলে সদৰী কৰি আহিছে ৷