পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে বিজেপি ৷ শুকুৰবাৰে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিজেপিয়ে ১৪ জনীয়া প্ৰচাৰ পৰিচালনা সমিতি গঠন কৰে ৷এই কমিটীত আহ্বায়ক হিচাপে আছে জলসম্পদ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱট।
বিজেপি নেতৃত্বাধীন এন ডি এই এতিয়াও প্ৰাৰ্থী ঘোষণা কৰা নাই ৷ অৱশ্যে পৰৱর্তী সপ্তাহত বিজেপিয়ে ৰাষ্ট্ৰপতি পদৰ প্ৰার্থী ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷ জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জাৰ্মানীলৈ যোৱাৰ পূৰ্বে বিজেপিয়ে ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থী ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। ২৬ জুনৰ ভিতৰত মনোনয়ন দাখিল কৰাৰ সময়ত তেওঁ উপস্থিত থাকিব বুলি আশা কৰা হৈছে।
১৮ জুলাইত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল ২৪ জুলাইত শেষ হ’ব। মন্ত্ৰী আৰু দলীয় বিষয়ববীয়া থকা বিজেপি কমিটিয়ে এন ডি এৰ প্ৰাৰ্থীগৰাকীৰ বাবে দেশজোৰা সমৰ্থনৰ চেষ্টা চলাব ৷
এই কমিটীত কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডী, অশ্বিনী বৈষ্ণৱ, সৰ্বানন্দ সোণোৱাল, অৰ্জুন মেঘৱাল আৰু ভাৰতী পাৱাৰ অন্তভুর্ক্ত হৈ আছে ৷ বিজেপিৰ সাধাৰণ সম্পাদক বিনোদ টাউড আৰু চি টি ৰবি সহ আহ্বায়ক বুলি দলৰ এক বিবৃতিত কোৱা হৈছে। তৰুণ চুঘ, ডি কে অৰুণা, ঋতুৰাজ সিনহা, ভি শ্ৰীনৱসন, সম্বিত পাত্ৰ আৰু ৰাজদীপ ৰায়ও কমিটীখনৰ সদস্য ৷