আজি দেশৰ তিনিখন লোকসভা আৰু সাতখন বিধানসভা আসনৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে এই ভোট গ্ৰহণ । এই আটাইকেইখন আসনৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফল ২৬ জুনত ঘোষণা কৰা হ’ব বুলি জানিব পৰা হৈছে ।
উল্লেখযোগ্য যে ভাৰতৰ উত্তৰ প্ৰদেশৰ ৰামপুৰ আৰু আজমগড় আৰু পঞ্জাৱৰ চাংৰুৰ লোকসভা আসনৰ বাবে অনুষ্ঠিত হৈছে এই উপ-নিৰ্বাচন ।আনহাতে দিল্লী, ঝাৰখণ্ড, অন্ধ্ৰ প্ৰদেশ আৰু ত্ৰিপুৰাৰ সাতখন বিধানসভা আসনৰ বাবেও উপ-নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে ।
উত্তৰ প্ৰদেশৰ ৰামপুৰ আৰু আজমগড় লোকসভা আসনৰ উপ-নিৰ্বাচনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পিছতে কোভিড-১৯-ৰ প্ৰতি লক্ষ্য ৰাখি, ভোটগ্ৰহণ স্থানত সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰা হৈছে।উল্লেখযোগ্য যে দুয়োখন আসনৰ উপ-নিৰ্বাচনত প্ৰায় ৩৪.৪৫ লাখ ভোটাৰে ভোটদান কৰিব যাৰ ভিতৰত আছে ১৮.৭৮ লাখ পুৰুষ, ১৬.৬৭ লাখ মহিলা আৰু ২১৮ জন তৃতীয় লিংগৰ ভোটাৰ।আনহাতে ছয়জন প্ৰাৰ্থীয়ে ভাগ্য পৰীক্ষা কৰিব ৰামপুৰ লোকসভা আসনৰ পৰা ৷ আনহাতে ১৩ জনে আজমগড়ৰ পৰা ৷ দুয়োখন লোকসভা আসনৰ বাবে মুঠ ৪,২৩৪ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগ্ৰহণ স্থানসমূহত ২৯১ জন খণ্ড দণ্ডাধীশ, ৪০ জন আঞ্চলিক দণ্ডাধীশ, ১০ জন ষ্টেটিক মেজিষ্ট্ৰেট আৰু ৪৩৩ জন মাইক্ৰ’পৰ্যবেক্ষক মোতায়েন কৰা হৈছে। উপ-নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ মোতায়েন কৰা হৈছে কেন্দ্ৰীয় বাহিনীও ।
আনহাতে চাৰিখন ৰাজ্যৰ এই বিধানসভা আসনসমূহৰ বাবে অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন –
চাৰিখন ৰাজ্যৰ ভিতৰত আগৰতলা, জুবাৰাজগৰ, সুৰমা আৰু বৰদোৱালা টাউন বিধানসভা আসনৰ সৰ্বাধিক সংখ্যক উপ-নিৰ্বাচন ত্ৰিপুৰাত অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে ৷ অন্ধ্ৰ প্ৰদেশৰ আত্মাকুৰ, ঝাৰখণ্ডৰ মান্দাৰ আৰু দিল্লীৰ ৰাজেন্দ্ৰ নগৰ বিধানসভা আসনতো আজি অনুষ্ঠিত হৈছে এই নিৰ্বাচন ।
কিয় অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন?
দুখন ৰাজ্যৰ তিনিখন লোকসভা আসনৰ উত্তৰ প্ৰদেশত আজমগড় আৰু ৰামপুৰ লোকসভা আসনৰ উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে। কিয়নো আজমগড়ৰ পৰা অখিলেশ যাদৱ আৰু ৰামপুৰৰ আজম খানে ফেব্ৰুৱাৰী-মাৰ্চত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত জয়লাভ কৰে যদিও পৰৱৰ্তী সময়ত লোকসভা আসনৰ পৰা পদত্যাগ কৰে।একে সময়তে পঞ্জাৱৰ সংগ্ৰুৰ লোকসভা আসনৰ সাংসদ হৈ থকা ভগৱন্ত মান মুখ্যমন্ত্ৰী হৈ লোকসভা আসনৰ পৰা পদত্যাগ কৰাৰ পিছত এই আসনত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন ।
ইফালে চাৰিখন ৰাজ্যৰ সাতখন বিধানসভা আসনৰ বিষয়ে ক’বলৈ গ’লে, আপ নেতা ৰাঘৱ চাধা শেহতীয়াকৈ ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ পিছত দিল্লীৰ ৰাজেন্দ্ৰ নগৰ বিধানসভা আসন খালী হৈ পৰে। একে সময়তে ঝাৰখণ্ডৰ মান্দাৰ বিধানসভা আসনৰ পৰা কংগ্ৰেছৰ বিধায়ক বন্ধু তিৰ্কীৰ সদস্যপদ বাতিল কৰাৰ পিছতেই উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে উক্ত বিধানসভা আসনৰ বাবে।
আনহাতে অন্ধ্ৰপ্ৰদেশৰ আত্মাকুৰ বিধানসভা আসনৰ উপ-নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে ৱাইএছআৰ কংগ্ৰেছ বিধায়কৰ মৃত্যুৰ পিছত । একে সময়তে ত্ৰিপুৰাৰ আগৰতলা, বৰদোৱালী টাউন আৰু সূৰমাৰ বিজেপি বিধায়কসকলে পদত্যাগ আৰু জুবাৰাজগৰৰ চিপিআই(এম)ৰ বিধায়কজনৰ মৃত্যু হোৱাৰ পিছত এই চাৰিখন আসনৰ বাবে আজি অনুষ্ঠিত হৈছে এই উপ-নিৰ্বাচন ।