আজিও ওৰ পৰা নাই মহাৰাষ্ট্ৰত সৃষ্টি হোৱা অচলাৱস্থাৰ ৷ বিদ্ৰোহী বিধায়কসকলে গুৱাহাটীত বাহৰ পাতি থকাৰ সময়তে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই চৰকাৰ ৰক্ষা কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনাই বিধানসভাৰ পৰা বিদ্ৰোহী বিধায়কসকলক অযোগ্য ঘোষণা কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ সময়তে শনিবাৰে একনাথ ছিন্দেৰ নেতৃত্বত বিদ্ৰোহী বিধায়কসকলে তেওঁলোকৰ গোটৰ নাম ‘শিৱসেনা বালাচাহেব’ বুলি অভিহিত কৰে।
বিদ্ৰোহী শিৱসেনাৰ বিধায়ক দীপক কেছাৰকাৰে কয়- ‘আমাৰ গ্ৰুপৰ নাম হ’ব শিৱসেনা বালাচাহেব। আমি কোনো দলৰ লগত একত্ৰিত নহও।’- উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনাৰ কাৰ্যনিৰ্বাহক বৈঠকৰ মাজতে একনাথ ছিন্দে গোটে লৈছে এই সিদ্ধান্ত। গুৱাহাটীত ৩৮ জন বিদ্ৰোহী বিধায়কে শিবিৰ পাতি থকাৰ সময়তে মহা বিকাশ আঘড়ী চৰকাৰ ৰক্ষাৰ চেষ্টা চলাই আহিছে ৷ শুকুৰবাৰে বিদ্ৰোহী শিবিৰটোৱে ভাৰপ্ৰাপ্ত বিধানসভাৰ অধ্যক্ষ নৰহৰি জিৰৱাললৈ পত্ৰ লিখি বিধানসভাত নিৰ্বাচিত নেতা একনাথ ছিন্দে হ’ব বুলি সদৰী কৰিছে ৷
ইফালে,শিৱ সৈনিকে বিদ্ৰোহী বিধায়কৰ কাৰ্যালয় ভাঙি পেলোৱাৰ ঘটনা সংঘটিত হৈছে।পুনেৰ বিদ্ৰোহী বিধায়ক তানাজী সাৱন্তৰ কার্যালয় ভাঙি-ছিঙি লণ্ড ভণ্ড কৰিছে শিৱ সৈনিকে। পুনে আৰক্ষীয়ে এক সতৰ্কবাণী জাৰি কৰি মহানগৰীৰ শিৱসেনাৰ নেতাসকলৰ সৈতে জড়িত কাৰ্যালয়সমূহত সকলো থানাক নিৰাপত্তা নিশ্চিত কৰিবলৈ কয়।লগতে মুম্বাই আৰক্ষীয়ে হাই এলাৰ্ট জাৰি কৰি সকলো আৰক্ষী থানাক মহানগৰীৰ সকলো ৰাজনৈতিক কাৰ্যালয়ত নিৰাপত্তা সুনিশ্চিত কৰিবলৈ অনুৰোধ জনাইছে। বিষয়া পর্যায়ৰ আৰক্ষী জোৱানসকলে প্রতিটো ৰাজনৈতিক কার্যালয় পৰিদর্শন কৰি তেওঁলোকৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ নির্দেশ দিয়া হৈছে৷ শুকুৰবাৰে শিৱ সৈনিকে মুম্বাইত বিদ্ৰোহী বিধায়ক মংগেশ কুদলকাৰ আৰু দিলীপ লেণ্ডেৰ হোৰ্ডিং ভাঙিছিল।