ভাৰতীয় চলচ্চিত্ৰত শ্বাহৰুখ খানে সম্পূৰ্ণ কৰিলে ৩০ বছৰ ৷ শেহতীয়াকৈ মুক্তি লাভ কৰিব লগীয়া ছবি ‘পাঠান’ত এইবাৰ নতুন ৰূপত দৰ্শকে দেখা পাব জনপ্ৰিয় অভিনেতা শ্বাহৰুখক ৷ চলচিত্ৰ জগতত ৩০টা বছৰ অতিক্ৰম কৰাৰ পিছতো পাঠানৰ মোচন পোষ্টাৰত অতি অকৰ্ষণীয় ৰূপত দেখা গৈছে এইবাৰ এছ.আৰ.কে.ক ৷ আহিবলগীয়া ছবি পাঠানত “শ্বাহৰুখ খানৰ ৩০ বছৰ” যেন অধিক উজ্বল হৈ উঠিছে।
‘পাঠান’ ছবিখনৰ মোচন পোষ্টাৰ শ্বেয়াৰ কৰি এছআৰকেএ তেওঁৰ ৩০ বছৰীয়া কেৰিয়াৰৰ সময়ছোৱাত লাভ কৰা প্ৰচুৰ মৰমৰ বাবে অনুৰাগীসকলক ধন্যবাদ জনোৱাৰ লগতে পাঠানৰ সৈতে তেওঁৰ এই যাত্ৰা “অব্যাহত” ৰখাৰ বিষয়েও উল্লেখ কৰিছে। তেওঁ পোষ্টটোৰ শিৰোনাম দিছিল: “আপোনালোকৰ অসীম মৰম আৰু আশীৰ্বাদ আৰু আনন্দৰ বাবেই ৩০টা বছৰ কেনেকৈ পাৰ হ’ল গমই নাপালো । এইবাৰো ‘পাঠান’ৰ সৈতে মোৰ এই যাত্ৰা অব্যাহত থাকিব । ২০২৩চনৰ ২৫ জানুৱাৰী তাৰিখে হিন্দী, তামিল আৰু তেলেগু ভাষাত মুক্তি লাভ কৰিব লগীয়া ৱাইআৰএফ ৫০-ৰ সৈতে আপোনালোকেও ‘পাঠান’ উপভোগ কৰক। ।”
উল্লেখযোগ্য যে ‘পাঠান’ত শ্বাহৰুখৰ উপৰিও অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা দীপিকা পাডুকন আৰু জন আব্ৰাহামে । ছবিখন ২০২৩ চনৰ ২৫ জানুৱাৰীত হিন্দী, তামিল আৰু তেলেগু ভাষাত মুক্তি পাব।
শ্বাহৰুখ খানক শেষবাৰৰ বাবে ২০১৮ চনৰ ‘জিৰো’ চলচ্চিত্ৰখনত দেখা গৈছিল, য’ত অনুষ্কা শৰ্মা আৰু কেটৰিনা কাইফেও অভিনয় কৰিছিল। তেওঁ আলিয়া ভট্টৰ ‘ডাৰ্লিংছ’ৰো সহ-প্ৰযোজনা কৰিছে, য’ত চলচ্চিত্ৰ প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰিছে অভিনেতা গৰাকীয়ে৷
ভাৰতীয় চলচ্চিত্ৰ জগতলৈ ভালেসংখ্যক জনপ্ৰিয় ছবি উপহাৰ দিয়া অভিনেতা গৰাকীয়ে সুদীৰ্ঘ ৩০বছৰৰ অন্ততো পুনৰবাৰ ‘পাঠান’ চলচ্চিত্ৰ খনৰ যোগেদি চমক প্ৰদান কৰিব বুলি আশা কৰি এতিয়া অধীৰ আগ্ৰহেৰে ছবীখনৰ মুক্তিৰ দিনটোলৈ অপেক্ষা কৰিছে তেওঁৰ লক্ষ লক্ষ অনুৰাগীয়ে ৷
I know it’s late… But remember the date… Pathaan time starts now…
See you in cinemas on 25th January, 2023.
Releasing in Hindi, Tamil and Telugu.
Celebrate #Pathaan with #YRF50 only at a big screen near you. @deepikapadukone |@TheJohnAbraham | #SiddharthAnand | @yrf pic.twitter.com/dm30yLDfF7
— Shah Rukh Khan (@iamsrk) March 2, 2022
gt;