মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰি মহা বিকাশ অঘড়ী চৰকাৰ পতন ঘটোৱাৰ পাছত নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে একনাথ ছিন্দেই ৷ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছতে শুকুৰবাৰে নিশা শিৱসেনাৰ সভাপতি উদ্ধৱ ঠাকৰেই ‘দলটোৰ নেতা’ পদৰ পৰা ছিন্দেক অপসাৰণ কৰে।
এদিন পূৰ্বে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ছিন্দেলৈ লিখা এখন পত্ৰত থাকৰেই তেওঁক “দল বিৰোধী কাৰ্যকলাপত লিপ্ত” থকাৰ অভিযোগ উত্থাপন কৰিছে।পত্ৰখনত কোৱা হৈছে যে ছিন্দেই “স্বেচ্ছাই” দলৰ সদস্যপদ ত্যাগ কৰিছে, সেয়েহে “শিৱসেনা দলৰ সভাপতি হিচাপে তেওঁৰ হাতত থকা ক্ষমতা ব্যৱহাৰ কৰি ছিন্দেক দলীয় সংগঠনৰ নেতাৰ পদৰ পৰা আঁতৰাই পেলোৱা হৈছে ৷ .
শিৱ সেনা, এন চি পি আৰু কংগ্ৰেছৰ মিত্ৰজোঁট চৰকাৰক নেতৃত্ব দিয়া থাকৰেই ২৯ জুনত ৰাজ্যপালে নিৰ্দেশ দিয়া ফ্ল’ৰ টেষ্ট স্থগিত ৰাখিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল ৷ কিন্তু ৰাজ্য়পালৰ নির্দেশত উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ পিছতে মুখ্যমন্ত্ৰী পদৰ পৰা থাকৰেই পদত্যাগ কৰে। ৫৫ জন সেনা বিধায়কৰ ভিতৰত ৩৯ জনেই ছিন্দেক সমর্থন আগবঢ়োৱাৰ পাছত উদ্ধৱ থাকৰে চৰকাৰে সংখ্যাগৰিষ্ঠতা হেৰুৱাই পেলাই ৷ইয়াৰ পূৰ্বে শিৱসেনাই ১৬ জন বিদ্ৰোহী বিধায়কক অযোগ্য ঘোষণা কৰাৰ লগতে বিধানসভাত দলটোৰ নেতা হিচাপেও ছিন্দেক অপসাৰণ কৰিছিল। আনহাতে ছিন্দে শিবিৰে দাবী কৰিছিল যে যিহেতু তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আছে, সেয়েহে তেওঁলোকৰ গোটটোৱেই হৈছে বিধায়িনী দলৰ প্ৰকৃত শিৱসেনা।