অসমৰ এগৰাকী জনপ্ৰিয় কবি হীৰেণ ভট্টাচাৰ্য যি সমগ্ৰ অসমতে হীৰুদা নামেৰে জনাজাত ৷ হীৰুদাৰ জন্ম হৈছিল ১৯৩২ চনৰ ২৮ জুলাইত অসমৰ যোৰহাটত ৷ এগৰাকী কবি আৰু গীতিকাৰ ৰূপে অসমীয়া সাহিত্যৰ ভড়াল সমৃদ্ধ কৰা হীৰুদা আছিল অসমীয়া সাহিত্য জগতৰ সৰ্বকালৰ এজন সৰ্বশ্ৰেষ্ঠ কবি,গীতিকাৰ ।
অসমীয়াত তেওঁৰ ভালে সংখ্যক কবিতা প্ৰকাশ পাইছিল আৰু কবিতাৰ বাবে তেওঁ বহুতো সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। ভট্টাচাৰ্যই প্ৰধানকৈ অসমীয়া কবিতাৰ ক্ষেত্ৰখনত কাম কৰিছিল। তেওঁ কেইবাখনো অসমীয়া আলোচনী আৰু বাতৰি কাকততো সম্পাদক হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। তিনি দশকৰো অধিক সময় ধৰি তেওঁ অসমীয়া আলোচনী প্ৰান্তিকৰ কবিতা বিভাগৰ সম্পাদক আছিল।
ৰৌদ্ৰ কামনা,কবিতাৰ ৰ’দ,তোমাৰ বাঁহী,সুগন্ধি পখিলা,মোৰ দেশ আৰু প্ৰেমৰ কবিতা,বিভিন্ন দিনৰ কবিতা আদি তেওঁৰ কেইখনমান উল্লেখযোগ্য কাব্যসংকলন যি অসমৰ প্ৰতিটো প্ৰজন্মক প্ৰতি মূহুৰ্ততে পথ দেখুৱায় ৷
এইজনা মহান ব্যক্তিয়ে হাঁওফাঁও আৰু প্ৰস্ৰাৱৰ সংক্ৰমণৰ বাবে অসমৰ গুৱাহাটীত চিকিৎসা চলি থকাৰ প্ৰায় তিনি মাহৰ অন্তত ২০১২ চনৰ ৪ জুলাইত জীৱনযুঁজত হাৰ মানে ৷ কিন্তু অসমীয়া সাহিত্য জগতত সদায় জীয়াই আছে হীৰুদা ৷ আজিৰ এই বিশেষ দিনটোত তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছো ৷