শীঘ্ৰে সম্প্ৰসাৰণ হ’ব মহাৰাষ্ট্ৰৰ কেবিনেট ৷ মুখ্যমন্ত্ৰী একনাথ ছিন্দেৰ নেতৃত্বাধীন নৱনিৰ্বাচিত মহাৰাষ্ট্ৰ চৰকাৰে কেবিনেট সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে। এই সম্প্ৰসাৰণ দুটা পৰ্যায়ত হ’ব ৷ ১৮ জুলাইত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে আৰু পৰৱর্তী পর্যায়ত এই সম্প্ৰসাৰণ কৰা হ’ব ৷ অৱশ্যে নতুন কেবিনেটত গুৰুত্বপূর্ণ বিভাগসমূহৰ লগতে অধিকাংশ বিভাগ বিজেপিৰ হাতত থকাৰহে সম্ভাৱনা আছে ৷ প্রথম পর্যায়ত শিৱসেনাৰ ছিন্দে ফৈদৰ লগতে বিজেপিৰ একাংশ নেতাই মন্ত্ৰী হিচাপে শপত ল’ব হ’ব বুলি জানিব পৰা গৈছে ৷
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ ছিন্দেৰ কেবিনেটত থাকিব ৩৮ জন মন্ত্ৰী ৷ নতুন কেবিনেটত বিজেপিৰ পৰা ২৫জন, একনাথ ছিন্দেৰ শিৱসেনাৰ ১৩জনকহে মন্ত্ৰীত্ব প্ৰদান কৰা হ’ব ৷ অধিকাংশ মন্ত্ৰীকেই নতুনকৈ দায়িত্ব অর্পণ কৰা হ’ব ৷
সূত্ৰই জনোৱা মতে পৰৱৰ্তী মহাৰাষ্ট্ৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলোৱাৰ পূৰ্বে বিজেপিয়ে নতুন মুখ ৰাইজৰ সন্মুখলৈ আনিব বিচাৰিছে ৷ ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজহ, গৃহ আৰু বিত্তৰ দৰে মূল বিভাগসমূহ নিজৰ লগত ৰখাৰ সম্ভাৱনা আছে ৷ আনহাতে শিৱসেনাৰ ছিন্দে শিবিৰে নগৰ উন্নয়ন, আৰু জলসিঞ্চন, আৰু অন্যান্য বিভাগহে লাভ কৰিব পাৰে।
১৬৪ জন বিধায়কৰ সহযোগত ছিন্দে শিবিৰ-বিজেপি চৰকাৰে ফ্ল’ৰ টেষ্টত জয়লাভ কৰে। ছিন্দে ফৈদৰ ৫০ জন বিধায়ক আৰু বিজেপিৰ ১০৬ জন বিধায়কে নতুন চৰকাৰক সমর্থন দিছে । চৰকাৰক কেইবাজনো নির্দলীয় বিধায়কৰ লগতে অন্যান্য সৰু সৰু দলেও সমৰ্থন আগবঢ়াইছে ৷
সংবিধান অনুসৰি কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী পৰিষদ বিধানসভাৰ শক্তিৰ ১৫ শতাংশতকৈ অধিক হ’ব নোৱাৰিব। সেই অনুসৰি মহাৰাষ্ট্ৰত মন্ত্ৰীৰ সংখ্যা ৪২ জনতকৈ বেছি হ’ব নোৱাৰে।