কংগ্ৰেছ নেতা অধীৰ চৌধুৰীয়ে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক ‘ৰাষ্ট্ৰপত্নী’ বুলি উল্লেখ কৰাক লৈ আজি ৰাজ্যসভা আৰু লোকসভাৰ মজিয়া উত্তাল হৈ পৰে ৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ইয়াক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। সংসদত আৰু দেশৰ ৰাজপথত কংগ্ৰেছে ক্ষমা খুজিব লাগিব বুলি উল্লেখ কৰি স্মৃতি ইৰাণীয়ে কয় যে এগৰাকী মহিলাৰ নেতৃত্বত থকাৰ পাছতো কংগ্ৰেছীসকলে সাংবিধানিক পদত থকা মহিলাসকলক হেয়জ্ঞান কৰি আহিছে। অধীৰ চৌধুৰীৰ এই মন্তব্যৰ বিৰুদ্ধে হোৱা প্ৰতিবাদক লৈ লোকসভা আৰু ৰাজ্যসভা আজি দুপৰীয়া ১২ বজালৈ লৈ স্থগিত ৰখা হয়।
স্মৃতি ইৰাণীয়ে কয় -“কংগ্ৰেছী নেতাজনে জানিছিল যে ভাৰতৰ ৰাষ্ট্ৰপতিক এইদৰে সম্বোধন কৰাটো কেৱল তেওঁৰ সাংবিধানিক পদটোক হেয়জ্ঞান কৰাই নহয়, তেওঁ প্ৰতিনিধিত্ব কৰা চহকী জনজাতীয় উত্তৰাধিকাৰকো হেয়জ্ঞান কৰা । তেওঁ ৰাষ্ট্ৰপতিক এনে ধৰণেৰে হেয়জ্ঞান কৰি দেশৰ নাৰী শক্তিৰ সম্ভাৱনাক হেয়জ্ঞান কৰিছে।”
In another low, Congress leader Adhir Ranjan Chowdhury, condescendingly refers to President Droupadi Murmu as “राष्ट्रपत्नी”. The characterisation is not just sexist but reeks of disdain for a Tribal woman, who has risen from a modest background, to the highest office of land. pic.twitter.com/lsNjwcftWh
— Amit Malviya (@amitmalviya) July 28, 2022
ইৰাণীয়ে লগতে কয় যে ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত হোৱাৰ পাছৰে পৰা মুর্মুক কংগ্ৰেছে কু-অভিপ্ৰায়ৰ লক্ষ্য কৰি লৈছিল আৰু ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতো তেওঁৰ বিৰুদ্ধে আক্ৰমণ বন্ধ হোৱা নাই ৷ ইয়াৰ জৰিয়তে সৰ্বোচ্চ সাংবিধানিক পদটোক অপমানিত কৰা হৈছে ৷ সেই কথা ভালদৰে জানিও অধীৰ চৌধুৰীয়ে তেওঁক ৰাষ্ট্ৰপত্নী বুলি সম্বোধন কৰিছিল। দেশবাসীয়ে জানে যে কংগ্ৰেছ জনজাতি বিৰোধী, দলিত বিৰোধী আৰু মহিলা বিৰোধী।
নেশ্যনেল হেৰল্ড গোচৰত ইডিয়ে ছোনিয়া গান্ধীক সোধা-পোছা কৰাৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰতিবাদ সাৱ্যস্ত কৰাৰ সময়ত অধীৰ চৌধুৰীয়ে এই মন্তব্য কৰে। নিৰ্মলা সীতাৰমণকে ধৰি মহিলা সাংসদে কংগ্ৰেছ দলক ক্ষমা খুজিবলৈ দাবী জনাইছে ৷ অধীৰ চৌধুৰীয়ে অৱশ্যে এয়া ভুল বুলি দাবী কৰে।