মূল্যবৃদ্ধিকে ধৰি কেইবাটাও বিষয়ত সংসদৰ মজিয়াত প্ৰতিবাদ সাৱ্যস্ত কৰি নিলম্বিত হোৱা ৫ জন সাংসদে কালিৰ পৰা আৰম্ভ কৰিছে ৫০ ঘণ্টীয়া ধাৰাবাহিক ধর্ণা ৷ ইয়াৰ অংশ হিচাপে চিপিআইৰ সন্তোষ কুমাৰ, আপৰ সঞ্জয় সিঙকে ধৰি ৫ জন সাংসদে সংসদ চৌহদৰ গান্ধীৰ প্ৰতিমূৰ্তিৰ কাষত নিশা কটায়। ৰাজ্যসভাৰ পৰা ২০ জনকে ধৰি ২৪ জন সাংসদ আৰু কংগ্ৰেছৰ পৰা ৪ জন সদস্যক নিলম্বনৰ প্ৰতিবাদত মুকলি আকাশৰ তলতে নিশা কটায় তেওঁলোকে ৷
টিএমচি ৰাজ্যসভাৰ সাংসদ ডেৰেক অ’ ব্ৰেইনে টুইট কৰি কয় , “বিৰোধী দলৰ সাংসদৰ ৫০ ঘণ্টীয়া অবিৰত ধৰ্না। ২১ ঘন্টা অতিক্ৰম কৰিলে ৷ এতিয়াও ২৯ ঘণ্টা বাকী আছে । ২৪ জন সাংসদক নিলম্বন বাতিল কৰক। আলোচনা কৰক।”
পুৱা সাংসদসকলৰ বাবে চাহৰ ব্যৱস্থা কৰা টি এম চিৰ সাংসদ মৌছম নুৰে কয় যে বিৰোধী দলৰ সাংসদসকলে ক্ষমা নোখোজে আৰু প্ৰতিবাদ অব্যাহত ৰাখিব ।সংসদৰ দুয়োখন সদনতে মূল্যবৃদ্ধি সন্দৰ্ভত আলোচনাৰ দাবী জনাইছে বিৰোধীয়ে।