কমনৱেলথ গেমছত ভাৰতৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ ১৪ বছৰীয়া আনাহাত সিঙে বিজয়ৰে নিজৰ অভিযান আৰম্ভ কৰিছে ৷ স্কোৱাছ খেলুৱৈ আনাহাত সিঙে শুকুৰবাৰে মহিলাৰ একক প্ৰতিযোগিতাত বিজয়েৰে আৰম্ভণি কৰে। ছেইণ্ট ভিনচেণ্ট এণ্ড গ্ৰেনাডাইনছৰ জাডা ৰছক তেওঁ পৰাজিত কৰে ৷ ৬৪ নং ৰাউণ্ডত ১১-৫ ১১-২ ১১-০ ছেটত জয় লাভ কৰে আনাহাতে ৷ জয়ৰ পাছতে খেলুৱৈ গৰাকীয়ে কয় –‘ “এইখন মোৰ প্ৰথম ছিনিয়ৰ টুৰ্ণামেণ্ট ৷ মেচখন চলি থকাৰ লগে লগে মই অধিক আত্মবিশ্বাসী হৈ পৰিছিলো। মোৰ পৰিয়ালৰ বহু লোক ইয়াত আছে আৰু তেওঁলোক সকলোৱে মোক অনুপ্ৰাণিত কৰিছিল ৷”
আনাহাতক প্ৰশংসা কৰি প্ৰশিক্ষক ক্ৰীছ ৱাকাৰে কয় , “তেওঁৰ সমস্যা সমাধানৰ দক্ষতা অতি উত্তম। তেওঁ অতি স্মাৰ্ট আৰু ভাল ক’ৰ্ট চেন্স আছে ।”এছিয়ান জুনিয়ৰ স্কোৱাছ আৰু জাৰ্মান অ’পেনত জয়লাভ কৰাৰ উপৰি ১৫ বছৰ অনুৰ্ধ পৰ্যায়ত তেওঁৰ আকৰ্ষণীয় সফলতাৰ পিছতে ভাৰতীয় দললৈ নিৰ্বাচিত হৈছিল আনাহাত।