তেওঁতকৈ কম বয়সৰ অভিনেত্ৰী মনা সিঙে তেওঁলোকৰ আহিবলগীয়া ছবি ‘লাল সিং চাড্ডা’ত তেওঁৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে শেহতীয়াকৈ হোৱা সমালোচনাৰ বাবে শেহতীয়াক৷ এটা প্ৰশ্নৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনপ্ৰিয় অভিনেতা আমিৰ খানে। ৪০ বছৰীয়া মনাক ৫৭ বছৰীয়া আমিৰৰ মাতৃ হিচাপে দেখা যাব ছবিখনত । তেওঁ মনাক প্ৰশংসা কৰি কৈছে যে তেওঁ চিনেমাখনত সুন্দৰ কাম কৰিছে আৰু বয়সৰ ভিত্তিত তেওঁক প্ৰশ্ন কৰাটো অনুচিত।
চলচ্চিত্ৰখনত, আমিৰক লাল সিং চাড্ডাৰ চৰিত্ৰত দেখা যাব আৰু মনাই তেওঁৰ মাতৃ শ্ৰীমতী চাড্ডাৰ চৰিত্ৰত অভিনয় কৰিব। চলচ্চিত্ৰখন ১৯৯৪ চনৰ একাডেমী বঁটা বিজয়ী ছবি ‘ফৰেষ্ট গাম্প’ৰ পুনৰনিৰ্মাণ য’ত টম হেংকছে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।
সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি আমিৰে কয় যে তেওঁ এটা প্ৰশ্ন সুধিবলৈ বিচাৰে যে এজন অভিনেতা হিচাপে এজন সৃষ্টিশীল ব্যক্তি হিচাপে যদি তেওঁ ১০৩ বছৰীয়া চৰিত্ৰ এটা কৰিবলগীয়া হয় তেওঁ কৰিবই লাগিব ৷সমলোচনাৰ বিপৰীতে তেওঁ প্ৰশ্ন কৰিছে যে তেওঁৰ বয়সৰ অভিনেতা এজনে চৰিত্ৰটোত অভিনয় কৰাটো কিয় অনুচিত? কেৱল তেওঁৰ বয়স ৫৭ বছৰ হোৱাৰ বাবেই নে।ইয়াৰ যুক্তি ক’ত? তেওঁ পুনৰ সুধিছিল এজন অভিনেতাৰ অভিনয়ৰ বাবে নিৰ্দিষ্ট বয়স থাকে নেকি? প্ৰকৃত বয়স থকা স্বত্বেও পৰ্দাত যিকোনো বয়স দেখাটো অভিনেতাজনৰ সৌন্দৰ্য।
অহা ১১ আগষ্টত ছবিগৃহত মুক্তি পাব অদ্বৈত চন্দনৰ দ্বাৰা পৰিচালিত ‘লাল সিং চাড্ডা’ নামৰ ছবিখনে। আমিৰ আৰু মনাৰ উপৰিও কৰীণা কাপুৰ আৰু নাগা চৈতন্যয়ো ছবিখনত অভিনয় কৰিছে। চৈতন্যই ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিব। ছবিখনৰ প্ৰযোজনা আমিৰ খান প্ৰডাকচন আৰু ভায়াকম ১৮ ষ্টুডিঅ’ৰ ।