নভেল কৰোণ ভাইৰাছৰ সংক্ৰমণে বিশ্বজুৰি আতংকৰ সৃষ্টি কৰিছিল ৷সমগ্ৰ বিশ্বতে সৃষ্টি হৈছিল এক বিভীষিকাময় পৰিৱেশৰ ৷ কিন্তু এই কৰোণা ভাইৰাছৰ উৎপত্তি ক’ৰ পৰা হৈছিল ? সেয়া আজিও ৰহস্যৰ আৱর্তত ৷ ইয়াৰ মাজতে কৰোণা ভাইৰাছ ‘মানৱসৃষ্ট’ বুলি দাবী কৰিছে আমেৰিকান গৱেষক এন্দ্ৰিউ হফে। তেওঁ লগতে কয় যে দুবছৰ পূৰ্বে চীন চৰকাৰে পৰিচালিত উহান ইনষ্টিটিউট অৱ ভাইৰ’লজীৰ পৰীক্ষাগাৰৰ পৰা কেনেবাকৈ ভাইৰাছ ওলাই আহিছিল। ব্ৰিটিছ কাকত এখনক দিয়া সাক্ষাৎকাৰত তেওঁ এই দাবী কৰে। পিছলৈ তেওঁৰ এই দাবী আমেৰিকাৰ এখন আগশাৰীৰ দৈনিক কাকতত প্ৰকাশ পাইছিল।
মহামাৰী বিজ্ঞানী হফে পূর্বে উহান ইনষ্টিটিউটৰ সৈতে কাম কৰিছিল ৷ শেহতীয়াকৈ তেওঁ নিজৰ অভিজ্ঞতাৰ ওপৰত এখন কিতাপ প্ৰকাশ কৰিছে। নামটো হৈছে ‘উহানৰ সত্য’। লেখক হফে দাবী কৰিছে যে এই মহামাৰীৰ আঁৰত আছে চীন আৰু আমেৰিকা। আমেৰিকা চৰকাৰে প্ৰদান কৰা ধন আৰু জৈৱ প্ৰযুক্তিৰ সহায়ত চীনত কৰোণা সম্পৰ্কে গৱেষণা চলি আছিল। লেবৰ পৰা ভাইৰাছ বিয়পি পৰাৰ বাবে পৰীক্ষাগাৰত উপযুক্ত সুৰক্ষা ব্যৱস্থা স্থাপন কৰা হোৱা নাছিল।
মহামাৰীৰ আৰম্ভণিৰে পৰা চীনৰ উহান ইনষ্টিটিউট বিতৰ্কৰ শিৰোনাম দখল কৰি আহিছে। ২০১৯ চনৰ একেবাৰে শেষৰ ফালে উহানত প্ৰথম কৰ’না সংক্ৰমণ ধৰা পৰিছিল। কিন্তু চীন চৰকাৰ বা উহানৰ গৱেষকসকলেও এই অভিযোগ মানি লোৱা নাছিল। চীনে দাবী কৰিছিল যে এই ভাইৰাছ কেৱল তেওঁলোকৰ দেশতহে চিনাক্ত কৰা হৈছে। উৎপত্তি আন এখন দেশত হৈছিল । তেওঁলোকৰ ইংগিত স্পষ্টভাৱে আমেৰিকাৰ প্ৰতি আছিল। ইফালে ৰাষ্ট্ৰসংঘই এটা বিশেষজ্ঞ দল চীনলৈ প্ৰেৰণ কৰে। কিন্তু বিশেষজ্ঞসকলে উভতি আহি উহান ইনষ্টিটিউটক ক্লিন চিট দিলে। উহানক লৈ কোনো সন্দেহ নাছিল। ইয়াৰ পূৰ্বেও উহানৰ গৱেষণাত আমেৰিকাৰ জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল। অৱশ্যে বিষয়টোক বিশেষ গুৰুত্ব দিয়া নহ’ল।
এদশকৰো অধিক সময় ধৰি উহান ইনষ্টিটিউটে বাদুলিৰ বিভিন্ন প্ৰকাৰৰ কৰোণা ভাইৰাছৰ ওপৰত কাম কৰি আহিছে। আমেৰিকা চৰকাৰৰ নেচনেল ইনষ্টিটিউট অৱ হেল্থ (এন আই এইচ)ৰ দ্বাৰা এই সংস্থাটোৰ বাবে ধন আগবঢ়োৱা হৈছে। বিভিন্ন ধৰণৰ জৈৱ-চিকিৎসা গৱেষণা এই পৰীক্ষাগাটোত কৰা হয় ৷ ২০১৪ চনৰ পৰা ২০১৬ চনলৈকে হফে ইকোহেল্থ এলায়েন্স নামৰ আমেৰিকাৰ এটা অলাভজনক সংস্থাত কাম কৰিছিল। তেওঁ কয় যে এই কোম্পানীয়ে বহু বছৰ ধৰি উহান লেবৰ সৈতে কাম কৰি আহিছে। তেওঁলোকৰ কাম আছিল বাদুলিৰ কৰোণা ভাইৰাছৰ নতুন ষ্ট্ৰেইন সৃষ্টি কৰা। লক্ষ্য আছিল জৈৱ অভিযান্ত্ৰিক পদ্ধতিৰ জৰিয়তে পৃথিৱীত বিপজ্জনক ভাইৰাছ ধ্বংস কৰিব পৰা প্ৰজাতিৰ সৃষ্টি কৰা। হফে তেওঁৰ গ্ৰন্থত লিখিছে, “চীনে প্ৰথম দিনাৰ পৰাই জানিছিল যে বিশ্বজুৰি বিয়পি থকা ভাইৰাছটো জিনীয় অভিযন্তাৰ সৃষ্টি। কিন্তু এনে বিপজ্জনক জৈৱ প্ৰযুক্তি চীনক গতাই দিয়াৰ বাবে আমেৰিকা চৰকাৰো দোষী।“