নতুন প্ৰজন্মৰ বহু অসমীয়া যুৱক-যুৱতী এতিয়া জিলিকি উঠিছে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। এইবাৰ অসমৰ নাট্য জগতলৈ এটি সুখবৰ কঢ়িয়াই আনিলে এগৰাকী অসমীয়া যুৱতীয়ে। যি প্ৰতিজন অসমীয়াৰ বাবে এক গৌৰৱৰ খবৰ কাৰণ এইবাৰ হিয়া অনুপম নামৰ এগৰাকী অসমীয়া যুৱতীৰ নাটকে লাভ কৰিছে এক বিশেষ ৰাষ্ট্ৰীয় স্বীকৃতি ।
অসমৰ অনুপ হাজৰিকা আৰু পাকিজা বেগমৰ একমাত্ৰ সন্তান তথা
দিল্লী বিশ্ববিদ্যালয়ৰ লেডী শ্ৰীৰাম কলেজৰ স্নাতকোত্তৰ হিয়া অনুপমৰ নাটক ‘ASMR’ এইবাৰ নিৰ্বাচিত হৈছে থেস্প’ থিয়েটাৰ ফেষ্টিভেললৈ। জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকৰ যোগেদি এই বিষয়ে সবিশেষ জনালে নিলোৎপল বৰুৱা নামৰ এজন নাট্যপ্ৰেমী ব্যক্তিয়ে ।
উল্লেখযোগ্য যে দেশৰ পঁচিশ বছৰৰ অনুৰ্দ্ধ সম্ভাৱনাময় নাট্যকাৰ-পৰিচালকৰ বাবে সুকীয়াকৈ পতা এই থেস্প’ (THESPO) থিয়েটাৰ ফেষ্টিভেলৰ এইটো প্ৰাক-ৰূপালী জয়ন্তী বৰ্ষ। সমগ্ৰ দেশৰ মুঠ ১১৭খন নাটকৰ ভিতৰত মাত্ৰ ৫খন নাটকহে নিৰ্বাচন কৰা হৈছে এই ৰাষ্ট্ৰীয় নাট উৎসৱৰ বাবে। এই থেস্প’ (THESPO) থিয়েটাৰ ফেষ্টিভেল অনুষ্ঠিত হ’ব মুম্বাইৰ সন্মানীয় পৃথ্বী থিয়েটাৰত।
থেস্প’ থিয়েটাৰ ফেষ্টিভেললৈ নিৰ্বাচিত হোৱা এইখনেই বোধকৰো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন নাটক।
হিয়া অনুপমৰ এই সাফল্যত আনন্দিত তেওঁৰ পিতৃ-মাতৃৰ লগতে গৌৰৱান্বিত সমগ্ৰ অসমবাসী।